অসম

assam

ETV Bharat / bharat

India to host SCO NSA meet : ছাংহাই সহযোগিতা সংস্থাৰ বৈঠক আয়োজন কৰিব ভাৰতে - India to host SCO NSA meet

ছাংহাই সহযোগিতা সংস্থাৰ নিৰাপত্তা পৰিষদৰ বৈঠক আয়োজন কৰিব ভাৰতে (India to host SCO NSA meet) । উল্লেখ্য, ভাৰতে ২০২৩ চনৰ বাবে ছাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষপদ গ্ৰহণ কৰিছে । আনহাতে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে (National Security Adviser Ajit Doval) উক্ত বৈঠকত উদ্বোধনী ভাষণ আগবঢ়াব ।

India to host SCO NSA meet
ছাংহাই সহযোগিতা সংস্থাৰ বৈঠক আয়োজন কৰিব ভাৰতে

By

Published : Mar 29, 2023, 8:51 AM IST

নিউজ ডেস্ক, ২৯ মাৰ্চ :ছাংহাই সহযোগিতা সংস্থাৰ (Shanghai Cooperation Organisation, SCO) বৰ্তমানৰ অধ্যক্ষ হিচাপে ভাৰতে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (National Security Advisors, NSA) আৰু শীৰ্ষ বিষয়াসকলৰ এখন বৈঠক আয়োজন কৰিবলৈ সাজু হৈছে । উল্লেখনীয় কথাটো হৈছে, পাকিস্তান আৰু চীনে এই এছচিঅ'-এনএছএ বৈঠকত উপস্থিত থকাৰ প্ৰায় সম্ভাৱনা আছে । আনহাতে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে উক্ত বৈঠকত উদ্বোধনী ভাষণ আগবঢ়াব (India to host SCO NSA meet) ।

ছাংহাই সহযোগিতা সংস্থা (SCO) হৈছে 2001 চনত স্থাপিত এক আন্তঃচৰকাৰী সংগঠন (India chairship of SCO for 2023) । ইয়াত আঠখন সদস্য ৰাষ্ট্ৰ আছে । সেইকেইখন হৈছে যেনে ভাৰত, চীন, কাজাখস্তান, কিৰগিজস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান । 2022 চনত ভাৰতে 2023 চনৰ বাবে ছাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষপদ গ্ৰহণ কৰে ।

ৰাছিয়ান দূতাবাসৰ এজন বিষয়াই এএনআইক দিয়া এক বিবৃতি অনুসৰি, ৰাছিয়ান ফেডাৰেচনৰ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পাত্ৰুছেভে বুধবাৰে নতুন দিল্লীত এছচিঅ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা পৰিষদৰ সচিবসকলৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য, ২০১৭ চনৰ ৯ জুনত ভাৰত এছচিঅ'ৰ সম্পূৰ্ণ সদস্য হয় । ইয়াত আফগানিস্তান, বেলাৰুছ, ইৰাণ আৰু মঙ্গোলিয়াৰ দৰে চাৰিখন পৰ্যবেক্ষক দেশ আৰু ছয়খন আলোচনা অংশীদাৰ আছে । সেইকেইখন হৈছে আৰ্মেনিয়া, আজাৰবাইজান, কম্বোডিয়া, নেপাল, শ্ৰীলংকা আৰু তুৰ্কী । ছাংহাই সহযোগিতা সংস্থা (SCO) হৈছে এক মুখ্য আঞ্চলিক শক্তি ক্ষেত্ৰ, যাক ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দুটা দশক পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল ।

SCO-ৰ সদস্যভুক্ত আঠখন দেশে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 42 শতাংশ আৰু বিশ্বব্যাপী জিডিপিৰ 25 শতাংশ প্ৰতিনিধিত্ব কৰে । চলিত মাহৰ আৰম্ভণিতে পাকিস্তানে কাশীত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (SCO) পৰ্যটন প্ৰশাসনৰ মুৰব্বীসকলৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল ।

কাজাখস্তানৰ সংস্কৃতি আৰু ক্ৰীড়া উপমন্ত্ৰী য়েৰঝান য়েৰকিনবায়েভ, চীনৰ সংস্কৃতি আৰু পৰ্যটন উপমন্ত্ৰী লু ইং চুয়ান, কিৰগিজস্তানৰ সংস্কৃতি, তথ্য, ক্ৰীড়া আৰু যুৱ নীতিৰ উপমন্ত্ৰী চামাত বেকটুৰোভিচ শতমানভ আৰু উজবেকিস্তানৰ সংস্কৃতি আৰু পৰ্যটনৰ প্ৰথম উপমন্ত্ৰী আজমভ উলুগবেক আক্সমাটোভিচে ব্যক্তিগতভাৱে পৰ্যটন প্ৰশাসনৰ মুৰব্বীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে ।

ইফালে ৰাছিয়াৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়ৰ উপমন্ত্ৰী ভ্লাদিমিৰ ইভজেনিভিচ ইলিচেভ, তাজিকিস্তানৰ পৰ্যটন উন্নয়ন সমিতিৰ অধ্যক্ষ মুমিনজোদ কামোলিদ্দিন আৰু পাকিস্তানৰ পৰ্যটন আৰু ক্ৰীড়া সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আউন চৌধুৰীয়ে এই মাহৰ আৰম্ভণিতে কাশীত অনুষ্ঠিত এছচিঅ'ৰ বৈঠকত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰা বুলি পৰ্যটন মন্ত্ৰালয়ৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে ।

যদিও এই গ্ৰীষ্মকালত গোৱাত এছচিঅ' সন্মিলন অনুষ্ঠিত হ'বলৈ সাজু হৈছে, ভাৰতে ইতিমধ্যো ইয়াৰ বাবে বহুতো অনুষ্ঠান অনুষ্ঠিত কৰিছে । লক্ষণীয়ভাৱে, পৰৱৰ্তী গুৰুত্বপূৰ্ণ এছচিঅ' বৈঠকখন হ'ব ২৭-২৯ এপ্ৰিললৈ দিল্লীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ।

লগতে পঢ়ক :Adani Hindenburg row : বিতৰ্কিত আদানী হিণ্ডেনবাৰ্গ বিষয়ত উচ্চতম ন্যায়ালয়ৰ ভূমিকা

ABOUT THE AUTHOR

...view details