নেশ্যনেল ডেস্ক,৮ অক্টোবৰ :ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে পৰ্যটন ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ প্ৰভাৱ পৰা দেখা গৈছে । আনকি বিগত বছৰত বিদেশী পৰ্যটকক ভিছা প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল । কিন্তু ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে পুনৰ বিদেশী পৰ্যটকসকলক ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ১৫ অক্টোবৰৰ পৰা চাৰ্টাৰ্ড বিমানেৰে ভ্ৰমণ কৰা বিদেশীসকলক পৰ্যটক ভিছা (tourist visas) প্ৰদান কৰিব ভাৰত চৰকাৰে ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে ঘোষণা কৰি কয় যে, মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ভিছা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল । পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে চাৰ্টাৰ্ড বিমানৰ বাহিৰে নিয়মীয়া বিমানেৰে ভাৰতলৈ আহিব বিচৰা বিদেশী পৰ্যটকসকলক ১৫ নৱেম্বৰৰ পৰাহে নতুন পৰ্যটক ভিছা প্ৰদান কৰা হ'ব ।