নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ :বৃহস্পতিবাৰে ওড়িশা উপকূলৰ এপিজে আব্দুল কালাম দ্বীপৰ পৰা ভাৰতে অতি কম দূৰত্বৰ বেলিষ্টিক মিছাইল অগ্নি-১ ৰ প্ৰশিক্ষণমূলক উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰে । এজন প্ৰতিৰক্ষা বিষয়াই এই সদৰী কৰে এই তথ্য ৷
বিষয়াগৰাকীয়ে কয়, ‘‘অগ্নি-১ হৈছে এক প্ৰমাণিত উচ্চ নিখুঁত ক্ষেপণাস্ত্ৰ ব্যৱস্থা । ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণে সকলো কাৰ্যকৰী আৰু কাৰিকৰী পৰিমাপ সফলতাৰে পূৰণ কৰে’’ । যোৱা ১ জুনত একেটা ঘাটিৰ পৰাই শেষবাৰৰ বাবে এই ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰা হৈছিল। ভাৰতৰ পাৰমাণৱিক ডেলিভাৰী বিকল্পৰ মূল ভেঁটি হৈছে অগ্নি ছিৰিজৰ ক্ষেপণাস্ত্ৰ ।
অগ্নি-১ ক্ষেপণাস্ত্ৰই গতানুগতিক আৰু পাৰমাণৱিক উভয় ধৰণৰ ১০০০ কিলোগ্ৰামতকৈ অধিক পেলোডেৰে ৭০০ৰ পৰা ৯০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত শত্ৰুৰ লক্ষ্য ধ্বংস কৰিব পাৰে। যোৱা ডিচেম্বৰ মাহত ভাৰতে পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল অগ্নি V ৰ সফল পৰীক্ষণ কৰিছিল ৷ যিয়ে ৫০০০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আক্ৰমণ কৰিব পাৰে ।