অসম

assam

ETV Bharat / bharat

হামাছ-ইজৰাইল সংঘৰ্ষত সাধাৰণ লোকৰ মৃত্যু; ভাৰতৰ গৰিহণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গ্লোবেল ছাউথ সন্মিলনত ভাষণ দি কয় যে ভাৰতে ইজৰাইল আৰু হামাছৰ মাজত সংঘটিত সংঘৰ্ষত সাধাৰণ লোকৰ মৃত্যুক তীব্ৰ গৰিহণা দিছে । তেওঁ হামাছ-ইজৰাইল সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আলোচনা আৰু সংযমৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:55 PM IST

হামাছ ইজৰাইল সংঘৰ্ষত সাধাৰণ লোকৰ মৃত্যু; ভাৰতৰ গৰিহণা
PM Modi at Global South summit

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : পশ্চিম এছিয়াৰ ঘটনাক্ৰমৰ পৰা এক নতুন প্ৰত্যাহ্বানৰ উদ্ভৱ হৈছে । গ্লোবেল ছাউথৰ দেশসমূহে বৃহত্তৰ গোলকীয় কল্যাণৰ বাবে সমস্বৰে মাত মতাৰ সময় আহি পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হামাছ-ইজৰাইল সংঘাতৰ মাজতে এনেদৰে কয় ।

ভাৰতে আয়োজন কৰা 'ভাৰ্চুৱেল ভইচ অব গ্লোবেল ছাউথ' সন্মিলনৰ দ্বিতীয় সংস্কৰণত ভাষণত মোদীয়ে কয় যে নতুন দিল্লীয়ে হামাছ-ইজৰাইল সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংযমৰ লগতে আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ভাৰতে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণকো গৰিহণা দিছে । প্ৰধানমন্ত্ৰীয়ে কয় ।

একে সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষত সাধাৰণ লোকৰ মৃত্যুক তীব্ৰ গৰিহণা দিয়ে । তেওঁ কয়, "আমি দেখিছোঁ যে পশ্চিম এছিয়াৰ এই ঘটনাৰ পৰা নতুন প্ৰত্যাহ্বানৰ উদ্ভৱ হৈছে ।" উল্লেখ্য যে ভাৰতে উন্নয়নশীল দেশসমূহে সন্মুখীন হোৱা উদ্বেগ আৰু প্ৰত্যাহ্বানৰ বাবে বিগত জানুৱাৰী মাহত 'ভইচ অব গ্লোবেল ছাউথ ছামিট'ৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰিছিল ।

মোদীয়ে কয়, "একবিংশ শতিকাৰ পৰিৱৰ্তনশীল বিশ্বক প্ৰতিফলিত কৰা 'ভইচ অব গ্লোবেল ছাউথ' হৈছে আটাইতকৈ অনন্য মঞ্চ ।" প্ৰধানমন্ত্ৰীয়ে 'পাঁচটা চি'ৰ আন্তঃগাঁথনিৰ অধীনত সহযোগিতাৰ আহ্বান জনায় । এইকেইটা হৈছে পৰামৰ্শ, যোগাযোগ, সহযোগিতা, সৃজনশীলতা আৰু ক্ষমতা গঠন । তেওঁ কয়, "মই সেই ঐতিহাসিক মুহূৰ্তটো পাহৰিব নোৱাৰোঁ, যেতিয়া আফ্ৰিকান ইউনিয়নক ভাৰতৰ প্ৰচেষ্টাৰ বাবে স্থায়ী সদস্য হিচাপে জি-২০ত অন্তৰ্ভুক্ত কৰা হৈছিল ।"

উল্লেখ্য যে ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ১৯৯৯ চনত আৰম্ভ হোৱাৰ পিছত প্ৰভাৱশালী ব্লকৰ প্ৰথম সম্প্ৰসাৰণত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ গ্ৰুপ আফ্ৰিকান ইউনিয়নক ছেপ্টেম্বৰ মাহত নতুন স্থায়ী সদস্য কৰা হয় ।

আনহাতে, ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত গ্লোবেল ছাউথৰ বাবে লাভ কৰা ফলাফলৰ তালিকা প্ৰস্তুত কৰি মোদীয়ে কয় যে এইবাৰ জলবায়ু অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদৰ্শন কৰা হৈছে । জলবায়ু পৰিৱৰ্তনৰ বাবে গ্লোবেল ছাউথৰ দেশসমূহক সহজ ক্ষেত্ৰত ধন আৰু প্ৰযুক্তি প্ৰদানৰ ক্ষেত্ৰত জি-২০ত একমত হোৱা বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ভাৰতে এই কথা বিবেচনা কৰে যে নতুন প্ৰযুক্তিয়ে গ্লোবেল ছাউথ আৰু নৰ্থৰ মাজত দূৰত্ব বৃদ্ধি কৰিব নালাগে ।

লগতে পঢ়ক :ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভূমিকাক লৈ অসন্তুষ্ট ভাৰত; দ্ৰুত সংস্কাৰৰ আহ্বান

ABOUT THE AUTHOR

...view details