নিউজ ডেস্ক, ৪ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ ভূমিকম্পত নিহত আৰু ক্ষতিৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে নেপালক সম্ভৱপৰ সকলো সহায় আগবঢ়াব ।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "নেপালত সংঘটিত ভূমিকম্পৰ ফলত প্ৰাণ হেৰুৱাবলগা হোৱা পৰিস্থিতি আৰু ক্ষতিৰ বাবে অতিশয় দুখিত । ভাৰতে নেপালৰ জনসাধাৰণৰ সৈতে আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছোঁ । লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ ।"
উল্লেখ্য যে কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে নিশা নেপালক ৬.৪ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় । ইয়াৰ ফলত ১২৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও ১৪১ জন লোক আহত হৈছে । ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল 'প্ৰচণ্ড' ভূমিকম্প প্ৰভাৱিত অঞ্চললৈ ৰাওনা হৈছে ।
স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ৩ বজাত পোৱা খবৰ অনুসৰি, এই ভূমিকম্পত দেশখনৰ জাজাৰকোট আৰু পশ্চিম ৰুকুম আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । জাজাৰকোট জিলাৰ উপ-আৰক্ষী অধীক্ষক সন্তোষ ৰোকাৰ মতে, জাজাৰকোটত ৯২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ভুক্তভোগীসকলৰ ভিতৰত নলগড় পৌৰসভাৰ ডেপুটী মেয়ৰ সৰিতা সিঙো থকা বুলি ৰোকাই জনাইছে ।
কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদন অনুসৰি, কাৰ্ণালী প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি বাৰেকোট জিলাৰ ৰামিদাণ্ডাত প্ৰায় ৪৪ জন লোকৰ মৃত্যু হৈছে আৰু ৭০ জন লোক আহত হৈছে । জাজাৰকোটত ৫৫ জনৰো অধিক লোক আহত হৈছে । তেওঁলোকৰ ভিতৰত পাঁচজনক সুৰখেতৰ কাৰ্ণালী প্ৰদেশ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আনহাতে, আনসকলক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ।
ইফালে পশ্চিম ৰুকুমত নিহতৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ উপৰি আথবিস্কোট পৌৰসভাত প্ৰায় ৩৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আনহাতে, ছানিবেৰী গ্ৰাম্য পৌৰসভাত আন আঠজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।
পশ্চিম ৰুকুমত আহতৰ সংখ্যা ৮৫-ত উপনীত হৈছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন ব্যক্তিক বিমানেৰে স্থানান্তৰ কৰাৰ প্ৰস্তুতি চলি আছে । আনহাতে, বাকীসকলক জিলা চিকিৎসালয়, চৌৰজাহাৰী চিকিৎসালয় আৰু অন্যান্য স্বাস্থ্য ক্লিনিকত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।
নেপালৰ ৰাষ্ট্ৰীয় ভূকম্পন বিভাগৰ মতে, ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ৬.৪ নথিভুক্ত কৰা হৈছে । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপালত ১০ কিলোমিটাৰ গভীৰতাত । আনহাতে, দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো জিলাতো ভূমিকম্পৰ কম্পন অনুভূত হয় ।
লগতে পঢ়ক :Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ 128 জনৰ মৃত্যু