অসম

assam

ETV Bharat / bharat

বিশ্ব বেংকৰ সৈতে 400 মিলিয়ন ডলাৰৰ প্ৰকল্পত ভাৰতৰ স্বাক্ষৰ

ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰা দুখীয়া আৰু আৰ্তজনক সহায় কৰাৰ উদ্দেশ্যে বিশ্ব বেংকৰ সৈতে ভাৰতৰ 400 মিনিয়ন ডলাৰৰ প্ৰকল্পত স্বাক্ষৰ ৷ বুধবাৰে ভাৰতে এই চুক্তিত স্বাক্ষৰ কৰে ৷ এই কাৰ্যসূচীয়ে ক'ভিড-19 য়ে জুৰুলা কৰা দৰিদ্ৰ আৰু আৰ্তজনক পৰ্যাপ্ত সামাজিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ভাৰতক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ ৷

India signs $400 million project with World Bank to protect poor from COVID impact
বিশ্ব বেংকৰ সৈতে 400 মিলিয়ন ডলাৰৰ প্ৰকল্পত ভাৰতৰ স্বাক্ষৰ

By

Published : Dec 17, 2020, 10:24 AM IST

নেচনেল ডেস্ক, 17 ডিচেম্বৰ: বুধবাৰে ভাৰতে বিশ্ব বেংকৰ সৈতে 400 মিলিয়ন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰে ৷ ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিণতিত অসহায় হৈ পৰা দেশৰ দুখীয়া আৰু আৰ্তজনক ৰক্ষা কৰাৰ উদ্দেশ্যে ভাৰতে বিশ্ববেংকৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰিছে ৷

বিশ্ব বেংক আৰু ভাৰতৰ মাজত হোৱা প্ৰগ্ৰেমেটিক চিৰিজৰ এইয়া দ্বিতীয়টো অপাৰেচন ৷ চলিত বৰ্ষৰ মে' মাহত বিশ্ব বেংকে 750 মিলিয়নৰ অনুমোদন জনাইছিল ৷ এইবাৰৰ 400 মিলিয়নৰ ঋণ বিশ্ব বেংকৰ ইন্টাৰনেচনেল ডেভেলপমেন্ট এছ'চিয়েচন (আইডিএ) শাখাই প্ৰদান কৰিছে ৷

বিষয়ববীয়া সকলৰ মতে এই কাৰ্যসূচীয়ে ক'ভিড-19 য়ে জুৰুলা কৰা দৰিদ্ৰ আৰু আৰ্তজনক পৰ্যাপ্ত সামাজিক সুৰক্ষা প্ৰদানৰ বাবে ভাৰতৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ সামৰ্থ অধিক শক্তিশালী কৰাত সহায় কৰিব ৷

অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ড৹ চি এছ মহাপাত্ৰই উল্লেখ কৰে যে ক'ভিড-19 সংকটে প্ৰব্ৰজনকাৰী আৰু চহৰত বাস কৰা দুখীয়া লোক সকলৰ বাবে আহিব পৰা বিপদ তথা ভৱিষ্যতে আহিব পৰা এনেধৰণৰ সমস্যাৰ সৈতে সন্মুখীন হ'বলৈ চৰকাৰক শক্তিশালী কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ কথা আগলৈ লৈ আনিছে ৷ তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে এই কাৰ্যসূচীয়ে ভাৰতৰ সামাজিক সুৰক্ষা ব্যৱস্থাক আৰু অধিক প্ৰসাৰিত ৰূপত শক্তিশালী কৰি গঢ়ি তোলাত সহায় কৰিব ৷

এই চুক্তিত ভাৰতৰ হৈ ড৹ মহাপাত্ৰই স্বাক্ষৰ কৰাৰ পৰিৱৰ্তে বিশ্ব বেংকৰ হৈ সুমিলা গুল্যানিয়ে স্বাক্ষৰ কৰে ৷ এই কাৰ্যসূচী Asian Development Bank (ADB), Agence Francaise de Developpement (AFD) আৰু Kreditanstalt Fur Wiederaufbau (KfW) সহযোগত প্ৰস্তুত কৰি উলিওৱা হৈছে ৷

লগতে পঢ়ক:টেলীকমৰ নতুন পৰিসেৱা প্ৰদান কৰা প্ৰতিষ্ঠান সমূহলৈ ভাল খবৰ

ABOUT THE AUTHOR

...view details