নেশ্যনেল ডেস্ক,২৪ জুন :শেহতীয়াকৈ আফগানিস্তানৰ পূব পাকটিকা প্ৰদেশত হোৱা ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত হৈছে আৰু ১,৫০০ ৰো অধিক লোক আহত হৈছে (Earthquake in Afghanistan)। ভূমিকম্পত বহু সম্পত্তিও ধ্বংস হোৱা দেখা গৈছে । আফগানিস্তানৰ এই দুৰ্যোগৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে চুবুৰীয়া দেশ ভাৰতে ।
ইতিমধ্যে ভাৰত চৰকাৰে আফগানিস্তানলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে (India sends earthquake relief assistance to Kabul)। আফগানিস্তানৰ জনসাধাৰণৰ বাবে দুখন বিমানত ২৭ টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে । শুকুৰবাৰে এই সন্দৰ্ভত বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ এই সংকটৰ সময়ত তেওঁলোকৰ কাষত আছে ।
সাহায্য সামগ্ৰীবোৰৰ ভিতৰত আছে টেণ্ট, শ্লিপিং বেগ, কম্বল, শ্লীপিং মেট আদিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সাহায্য সামগ্ৰী ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয় (UNOCHA) আৰু কাবুলৰ আফগান ৰেড ক্ৰিছেণ্ট চ'চাইটি (ARCS)ক হস্তান্তৰ কৰা হ'ব ।