অসম

assam

ETV Bharat / bharat

Modi to security forces on Diwali: সাহসী জোৱানসকল সীমান্তত থকালৈকে ভাৰত নিৰাপদ; প্ৰধানমন্ত্ৰী মোদী - প্ৰধানমন্ত্ৰী

সীমান্তত নিয়োজিত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দেৱালী উদযাপন কৰাৰ পিছত সেনা জোৱানসকলক সম্বোধন কৰি মোদীয়ে কয় যে বিশ্বৰ পৰিস্থিতি এনেকুৱা যে ভাৰতৰ পৰা প্ৰত্যাশা নিৰন্তৰ বাঢ়ি আহিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়ালৈকে সাহসী জোৱান সকল সীমান্তত থিয় হৈ আছে তেতিয়ালৈকে ভাৰত সুৰক্ষিত ৷

Modi to security forces on Diwali
সীমান্তত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দেৱালী উদযাপন প্ৰধানমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:11 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ বিশ্বব্যাপী এক প্ৰধান শক্তি হিচাপে দ্ৰুতগতিত উত্থান ঘটিছে আৰু ইয়াৰ নিৰাপত্তা বাহিনীৰ সামৰ্থ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ সীমান্তৰ সমীপত নিয়োজিত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ পাছত জোৱানসকলক সম্বোধন কৰি মোদীয়ে কয় যে বিশ্বৰ পৰিস্থিতি এনেকুৱা যে ভাৰতৰ পৰা আশা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৷

ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি)ৰ পোছাক পৰিধান কৰি মোদীয়ে কয় যে এই গুৰুত্বপূৰ্ণ সময়ত ভাৰতৰ সীমান্ত সুৰক্ষিত হোৱাটো প্ৰয়োজনীয় আৰু দেশত শান্তিৰ পৰিৱেশ গঢ়ি তোলাটো প্ৰয়োজনীয় ৷ লগতে এই ক্ষেত্ৰত আপোনাৰ ডাঙৰ ভূমিকা আছে ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে "যেতিয়ালৈকে সাহসী জোৱান সকল হিমালয়ৰ দৰে সীমান্তত থিয় হৈ আছে তেতিয়ালৈকে ভাৰত সুৰক্ষিত ৷"

"স্বাধীনতাৰ পিছত এই সাহসী সেনাবাহিনীৰ জোৱান সকলে বহুকেইখন যুদ্ধ কৰি দেশৰ হৃদয় জয় কৰিছিল... আমাৰ জোৱানসকলে প্ৰত্যাহ্বানৰ সন্মুখত বিজয় কাঢ়ি লৈছে ৷" জোৱানসকলৰ আগত মোদীয়ে কয়, "কোৱা হয় যে 'পৰৱ' হৈছে য'ত 'পৰিৱাৰ' থাকে ৷ উৎসৱ-পাৰ্বণত পৰিয়ালৰ পৰা আঁতৰত থকা আৰু সীমান্তত নিয়োজিত হোৱাটো কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ উদাহৰণ ৷ দেশ আপোনালোকৰ ওচৰত ঋণী ৷"

প্ৰধানমন্ত্ৰীয়ে কয় যে "সেয়ে দীপাৱলীত এটা ‘চাকি’ আপোনাৰ সুৰক্ষাৰ বাবে, প্ৰতিটো প্ৰাৰ্থনাতে মানুহে আপোনাৰ সুৰক্ষাৰ কামনা কৰে ৷ 30-35 বছৰৰ পৰা এনে কোনো দীপাৱলী হোৱা নাই যিটো মই আপোনালোকৰ সৈতে উদযাপন কৰা নাই ৷ মই যেতিয়া প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী নাছিলো তেতিয়াও সীমান্ত অঞ্চলত আপোনালোকৰ মাজত দীপাৱলী পালন কৰিছিলো ৷"

ভাৰতৰ জোৱানসকলে সদায় আগবাঢ়ি গৈ আছে, নিজৰ জীৱনকো তুচ্ছ কৰি আহিছে আৰু সীমান্তত তেওঁলোক যে “শক্তিশালী দেৱাল” সেই কথা সদায় প্ৰমাণ কৰি আহিছে বুলিও তেওঁ লগতে কয় ৷ মোদীয়ে কয় যে "মোৰ বাবে আমাৰ নিৰাপত্তা বাহিনী নিয়োজিত হোৱা ঠাইখন মন্দিৰতকৈ কম নহয় ৷" প্ৰধানমন্ত্ৰীয়ে ভূমিকম্পগ্ৰস্ত অঞ্চল আৰু অন্যান্য দুৰ্যোগৰ সময়ত সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা ভূমিকাকো প্ৰশংসা কৰে ৷

মোদীয়ে কয় যে "যেতিয়া আমি চুডানৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবলগীয়া হৈছিল, তেতিয়া ভাৰতৰ সাহসী জোৱান সকলে সাহসেৰে অভিযান সম্পূৰ্ণ কৰিছিল ৷ যেতিয়া তুৰ্কীত ভূমিকম্প হৈছিল, তেতিয়া তেওঁলোকে মানুহৰ জীৱন বচাবলৈ নিজৰ জীৱন বিপন্ন কৰিছিল ৷" ভাৰতীয়সকল য’তেই বিপদত পৰে, নিৰাপত্তা বাহিনীসমূহে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দৃঢ়তাৰে কয় ৷ মোদীয়ে লগতে কয় যে আমি আমাৰ সেনা বাহিনী আৰু জোৱানক লৈ গৌৰৱান্বিত ৷

"মই দেশৰ অন্তিম খন গাঁৱৰ পৰা দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছো, যাক মই প্ৰথম বুলি কওঁ, য'ত মই নিৰাপত্তা বাহিনীৰ সৈতে দেৱালী উদযাপন কৰি আছো ৷ ইয়াৰ পৰা দেৱালীত শুভেচ্ছা জনোৱাটো বিশেষ ৷" প্ৰধানমন্ত্ৰীয়ে কয় ৷ তেওঁ কয় যে যোৱা দেৱালী আৰু ইয়াৰ মাজৰ সময়খিনি ভাৰতৰ বাবে অভূতপূৰ্ব সাফল্যৰে পৰিপূৰ্ণ হৈ আহিছে ৷

মোদীয়ে ভাৰতৰ সাফল্য যেনে চন্দ্ৰযান 3, আদিত্য এল1 উৎক্ষেপণ, এছিয়ান আৰু পেৰালিম্পিক খেলত 100 তকৈও অধিক পদক লাভ, নতুন সংসদ ভৱন, মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰা, জি-২০ ৰ সফল আয়োজন, জিডিপিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ হোৱাৰ দৰে সাফল্যৰ কথা কয় ৷

জোৱানসকলক সম্বোধন কৰি মোদীয়ে কয় যে যদি ভাৰতে পূৰ্ণ শক্তিৰে উন্নয়নৰ উচ্চতা স্পৰ্শ কৰিছে, তেন্তে তাৰ কৃতিত্বও আপোনালোকৰ সামৰ্থ, সংকল্প আৰু ত্যাগলৈ যায় ৷ ভাৰতৰ নিৰাপত্তা বাহিনীৰ সামৰ্থ্য অহৰহ বৃদ্ধি পাই আছে আৰু ভাৰতে প্ৰতিৰক্ষা খণ্ডত “বৃহৎ বিশ্বব্যাপী খেলুৱৈ” হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে বুলিও তেওঁ কয় ৷

মোদীয়ে কয় যে এটা সময় আছিল যেতিয়া আমি সৰু সৰু কামত আনৰ ওপৰত নিৰ্ভৰশীল আছিলো ৷ কিন্তু এতিয়া আমি আমাৰ বন্ধু-বান্ধৱ আৰু মিত্ৰৰ প্ৰয়োজনীয়তাও পূৰণ কৰিছো ৷ ভাষণত মোদীয়ে এই কথাও আঙুলিয়াই দিয়ে যে শেহতীয়া বছৰবোৰত 500 ৰো অধিক মহিলা বিষয়াক সেনাবাহিনীত স্থায়ী কমিচন দিয়া হৈছে ৷

নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ পুৱা লেপচাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ জোৱানসকলৰ সৈতে তেওঁৰ মত বিনিময়ৰ ফটো শ্বেয়াৰ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মিঠাই আগবঢ়োৱা দেখা গৈছে ৷ এক্স (টুইটাৰ) ত দিয়া পোষ্টত মোদীয়ে কয় যে, ‘‘হিমাচল প্ৰদেশৰ লেপচাত আমাৰ সাহসী নিৰাপত্তাৰক্ষী সকলৰ সৈতে দীপাৱলী উদযাপন কৰাটো গভীৰ আৱেগ আৰু গৌৰৱেৰে ভৰা অভিজ্ঞতা ৷’’

তেওঁ কয় যে তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰত আমাৰ দেশৰ এই ৰক্ষকসকলে নিজৰ সমৰ্পণেৰে আমাৰ জীৱনক আলোকিত কৰে ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমাৰ নিৰাপত্তা বাহিনীৰ সাহস অদম্য ৷ আটাইতকৈ কঠিন ভূখণ্ডত নিয়োজিত হৈ, আপোনজনৰ পৰা আঁতৰত, তেওঁলোকৰ ত্যাগ আৰু নিষ্ঠাই আমাক সুৰক্ষিত আৰু নিৰাপদ কৰি ৰাখে ৷

সাহসৰ নিখুঁত মূৰ্তি হিচাপে পৰিগণিত হোৱা এই বীৰসকলৰ প্ৰতি ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব বুলি আন এক পোষ্টত মোদীয়ে কয় ৷ ইয়াৰ পূৰ্বে তেওঁ দীপাৱলীৰ দিনা জনসাধাৰণক শুভেচ্ছা জনাই আনন্দ, সমৃদ্ধি আৰু সু-স্বাস্থ্যৰ কামনা কৰে ৷"সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল ৷ এই বিশেষ উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক ৷"

2014 চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা দেৱালী উদযাপনৰ বাবে সামৰিক সুবিধাসমূহ পৰিদৰ্শন কৰি আহিছে মোদীয়ে ৷ 2014 চনত প্ৰধানমন্ত্ৰীয়ে ছিয়াচেন হিমবাহত জোৱানৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰিছিল ৷ পিছৰ বছৰত 1965 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ 50 বছৰীয়া জয়ন্তীত মোদীয়ে পঞ্জাৱৰ তিনিটা স্মৃতিসৌধ পৰিদৰ্শন কৰে য’ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে দেশখনৰ বিজয়ৰ মূল চাবিকাঠি হিচাপে প্ৰমাণিত হোৱা পিটচ যুদ্ধ কৰিছিল ৷

2016 চনত প্ৰধানমন্ত্ৰীগৰাকীয়ে চীন সীমান্তৰ সমীপৰ চুমদোহত ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি), ডোগ্ৰা স্কাউট আৰু সেনাবাহিনীৰ জোৱানক সাক্ষাৎ কৰিবলৈ হিমাচল প্ৰদেশলৈ গৈছিল ৷ 2017 চনত উত্তৰ কাশ্মীৰৰ গুৰেজ ছেক্টৰত, 2018 চনত উত্তৰাখণ্ডৰ হৰচিলত দীপাৱলী উদযাপন কৰাৰ পিছত কেদাৰনাথ ভ্ৰমণ কৰে ৷

2019 চনত পুনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত মোদীয়ে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত দীপাৱলী উদযাপন কৰে ৷ 2020 চনত দীপাৱলীৰ দিনা লঙেৱালাৰ এটা সীমান্ত চকীত আছিল আৰু 2021 চনত নৌশ্বেৰাত জোৱানৰ সৈতে উদযাপন কৰিছিল এই উৎসৱ ৷ প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ কাৰ্গিলত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰিছিল ৷

লগতে পঢ়ক :PM Modi celebrates Diwali with Security Forces : সেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details