নিউজ ডেস্ক, 29 মাৰ্চ: বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা সাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা পৰিষদৰ সচিবসকলৰ ১৮ সংখ্যক বৈঠকত ৰাছিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অধিক সহযোগিতাৰ উপায় উলিয়ায় । ৰাছিয়াক প্ৰতিনিধিত্ব কৰিবলৈ অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে নিৰাপত্তা পৰিষদৰ ৰাছিয়াৰ সচিব নিকোলাই পাত্ৰুশ্বেভ (Shanghai Cooperation Organization) ।
পাত্ৰুছেভে সাম্প্ৰতিক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত সম্যক মত বিনিময়ৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে ৰাছিয়া আৰু ভাৰতৰ মাজত অধিক সহযোগিতাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে । নেতাসকলে এছ চি অ’ অঞ্চলৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে (Russian Secretary of the Security Council) ।
উদ্বোধনী ভাষণত পাত্ৰুশ্বেভে আন্তঃৰাষ্ট্ৰীয় তথ্য সুৰক্ষা, জৈৱ-চিকিৎসা সুৰক্ষা নিশ্চিত কৰা, আৰু ড্ৰাগছ বিৰোধী ট্ৰেকত সহযোগিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অধিক পাৰস্পৰিক ক্ৰিয়াৰ বিষয়সমূহ স্পৰ্শ কৰে । আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, সন্ত্ৰাসবাদ আৰু নব্য নাজীবাদৰ পুনৰুজ্জীৱনৰ সৈতে যৌথভাৱে যুঁজিবলৈ নিৰ্দিষ্ট ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল (Indian NSA Ajit Doval)।