নিউজ ডেস্ক, 30 ডিচেম্বৰ : মুম্বাইৰ 26/11 আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছৈইদক প্ৰত্যাৰ্পণ কৰিবলৈ পাকিস্তান চৰকাৰক অনুৰোধ জনাইছে ভাৰতে ৷ এই কথা জানিবলৈ দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷ শুকুৰবাৰে এক সংবাদমেল আয়োজন কৰি বাগচীয়ে কয় যে, ছৈইদ ভাৰতত সংঘটিত বিভিন্ন কূটাঘাটমূলক কাৰ্যৰ সৈতে জৰিত হৈ আছে ৷ হাফিজক ৰাষ্ট্ৰসংঘইও নিষিদ্ধ সন্ত্ৰাসবাদী ঘোষণা কৰিছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় চমুকৈ এম ই এৰ মুখপাত্ৰ বাগচীয়ে কয়, ‘‘এটা গোচৰৰ বাবে তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ পাকিস্তানক অনুৰোধ কৰা হৈছে ৷ লগতে সকলো নথিপত্ৰও প্ৰদান কৰা হৈছে ।"
এই ক্ষেত্ৰত পাকিস্তানৰ সংবাদ মাধ্যমত বুধবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি, ভাৰতে আনুষ্ঠানিকভাৱে পাকিস্তানক 26/11 ৰ মুম্বাই আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ড লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছৈইদক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তান চৰকাৰলৈ এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে ৷