নিউজ ডেস্ক, 16 জানুৱাৰী :দেশত ভয়ানকভাৱে বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ দেওবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India) দেওবাৰে বিগত 241 দিনতকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট বেছি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে জনোৱা তথ্য অনুসৰি ভাৰতত বিগত 24 ঘণ্টাত 1,32,557 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 1,32,557 new covid cases in last 24 hours) ৷
বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 15,50,377 গৰাকী ৷ এই পৰিমাণ বিগত 222 দিনকৈ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 4.18 শতাংশ ৷ বিপৰীতে মৃত্যু হৈছে 315 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,86,066 গৰাকীলৈ বৃদ্ধি পাইছে ৷ সম্প্ৰতি মৃত্যুৰ হাৰ হৈছে 1.31 শতাংশ ৷