নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: ভাৰতত পুনৰ ভয়ংকৰভাৱে কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হৈছে । যোৱা ২৪ ঘণ্টাত দেশখনত কৰ'ণাত আক্ৰান্ত হৈছে ৮৯,১২৯ গৰাকী লোক । দৈনিক হিচাপত বিগত বছৰৰ ছেপ্তেম্বৰ মাহৰ পিছত এইটো আটাইতকৈ বেছি আক্ৰান্ত হোৱাৰ দিন হিচাপে বিবেচিত হৈছে ।
ইফালে দেশত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ২৩ লাখ ৯২ হাজাৰ ২৬০ টা । বিগত ৩ সপ্তাহ ধৰি ধাৰাবাহিকভাৱে দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । বিশেষকৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, পাঞ্জাৱ, কেৰালা, ছট্টিশগড়, চণ্ডিগড়, গুজৰাট, মধ্যপ্ৰদেশ, তামিলনাডু, দিল্লী আৰু হাৰিয়ানাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই ।
সম্প্ৰতি দেশত সক্ৰিয় ঘটনা আছে ৬ লাখ ৫৮ হাজাৰ ৯০৯ টা যিটো মুঠ আক্ৰান্তৰ ৫.৩২ শতাংশ । আনহাতে আৰোগ্যৰ হাৰ বৰ্তমান ৯৩.৩৬ শতাংশ । সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি হৈছে । বৰ্তমানলৈ দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ১ লাখ ৬৪ হাজাৰ ১১০ গৰাকী লোকে । শনিবাৰৰ দিনটোত নতুনকৈ মৃত্যু হৈছে ৭১৪ গৰাকী লোকৰ । দেশত এতিয়ালৈ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ১ কোটি ১৫ লাখ ৬৯ হাজাৰ ২৪১ গৰাকী লোকে ।