নিউজ ডেস্ক, 18 জানুৱাৰী :দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ হাৰ (Covid 19 cases increase in India) ৷ মঙলবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India), দেশত পুনৰ 80,287 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (New covid cases in India) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 17,36,628 গৰাকী ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 4.62 শতাংশ ৷
বিপৰীতে মৃত্যু হৈছে 310 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,86,761 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.29 শতাংশ ৷ উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 1,57,421 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,53,94,882 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 94.09 শতাংশ ৷