নেশ্যনেল ডেস্ক,২৮ মাৰ্চ: দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৬২,৭১৪ জন লোক নতুনকৈ COVID-১৯ ত আক্ৰান্ত হৈছে । ফলত ১,১৯,৭১,৬২৪ জনলৈ মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় । আনহাতে, ২৮,৭৩৯ জনে আৰোগ্য হৈ উঠাত ১,১৩,২৩,৭৬২ গৰাকী আৰোগ্যৰ সংখ্যা বৃদ্ধি পায় । বিপৰীতে ৩১২ জন মৃত্যু ঘটাত ১,৬১,৫৫২ লৈ নিহতৰ সংখ্যা বৃদ্ধি পায় ।
ইফালে, ৩,০৪,৮০৯ টা সক্ৰিয় ঘটনা বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোক সংক্ৰমিত হৈছে । ৰাজ্যখনত ২৩,১৪,৫৭৯ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৫৪,০৭৩ জনৰ মৃত্যু ঘটিছে ।