নিউজ ডেস্ক,17মাৰ্চ : দেশত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে ক'ভিড-19ৰ সক্ৰমণ ৷ যোৱা 24 ঘণ্টাত ভাৰতত ২৮,৯০৩ টা নতুন ক'ভিড-19ৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে 17,741জন ব্যক্তিয়ে সুস্থ হৈ উঠিছে বুলি বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে ৷
বৰ্তমান সময়লৈকে দেশত মুঠ ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে 1,14,38,734 জন ৷ যাৰ ভিতৰত সক্ৰিয় হৈ আছে 2,34,406টা ঘটনা ৷ আনহাতে, এই মহামাৰীৰ ফলত যোৱা 24ঘণ্টাত ১৮৮ জন লোকৰ মৃত্যু হৈছে ৷ বৰ্তমানলৈকে এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে মুঠ ১,৫৯,০৪৪ জন।