নেশ্যনেল ডেস্ক, 12 জানুৱাৰী :ভাৰতত দৈনিক ক’ভিড-19 ৰ সংক্ৰমণ যথেষ্ট হাৰত বৃদ্ধি পাইছে ৷ বিগত 24 ঘণ্টাত 1.94 লাখ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে, যি মঙলবাৰৰ তুলনাত 25,000 সংক্ৰমণৰ ঘটনাতকৈ অধিক ৷
দৈনিক ক’ভিড-19 ৰ সংক্ৰমণ প্ৰতিৰ লক্ষ্য ৰাখি দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ বৰ্তমান ভাৰতত 1,33,873 টা ক’ভিড-19 ৰ সক্ৰিয় আক্ৰান্তৰ ঘটনা আছে ৷ এই সমীক্ষাৰ সৈতে বৰ্তমানলৈ ক’ভিড-19 ত আক্ৰান্তৰ ঘটনা হয়গৈ 9,55,319 টা ৷
স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, শেহতীয়াকৈ আক্ৰান্তৰ মাজৰ 96.01% লোক আৰোগ্য হৈ উঠিছে ৷ বিগত 24 ঘণ্টাত 60,405 গৰাকী লোক সুস্থ হৈ উঠাত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হয়গৈ 3,46,30,536 গৰাকী ৷ আৰোগ্যৰ হাৰ 96.01% ৷