অসম

assam

ETV Bharat / bharat

দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত ১১,৬১০ গৰাকী লোক

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে জনোৱা মতে যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ১১ হাজাৰ ৬১০ গৰাকী লোক । ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৯ লাখ ৩৭ হাজাৰ ৩২০ টা । সমান্তৰালকৈ নতুনকৈ ১০০ গৰাকী লোকৰ মৃত্যু হৈছে ।

দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত ১১,৬১০ গৰাকী লোক
দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত ১১,৬১০ গৰাকী লোক

By

Published : Feb 17, 2021, 2:32 PM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী:দেশত পূৰ্বতকৈ বহুগুণে হ্ৰাস পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । দৈনিক হিচাপেও হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে জনোৱা মতে যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ১১ হাজাৰ ৬১০ গৰাকী লোক । ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৯ লাখ ৩৭ হাজাৰ ৩২০ । সমান্তৰালকৈ নতুনকৈ ১০০ জনৰ মৃত্যু হোৱাৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা হ'ল ১ লাখ ৫৫ হাজাৰ ৮১০ গৰাকী । যোৱা প্ৰায় ১ মাহ ধৰি দেশত নিতৌ ১৫হাজাৰতকৈ কম সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হৈছে লগতে মৃত্যুৰ সংখ্যাও প্ৰায় এমাহৰ বেছি সময়ত ধৰি ২০০ তকৈ কম হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে বিগত ১৫ দিনত নতুনকৈ আক্ৰান্তৰ সংখ্যা ৯ হাজাৰৰ পৰা ১২ হাজাৰৰ ভিতৰত আছে আৰু মৃত্যুৰ সংখ্যাও ৭৮ৰ পৰা ১২০ ৰ ভিতৰত সীমাবদ্ধ আছে ।

যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনটোত দৈনিক হিচাপত বছৰটোৰ ভিতৰত আটাইতকৈ কম সংখ্য়ক লোক কৰ'ণাত আক্ৰান্ত হৈছিল । সেই দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ৯ হাজাৰ ১১০ টা । ইফালে ২০২০ চনত জুন মাহৰ ৩ তাৰিখে ৯ হাজাৰ ৬৩৩ গৰাকী লোক আক্ৰান্ত হৈ ই দৈনিক হিচাপত যোৱা বছৰটোৰ আটাইতকৈ কম সংখ্য়ক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ দিন হিচাপে বিবেচিত হৈছে । তথ্য অনুসৰি ১১ হাজাৰ ৮৩৩ গৰাকী নতুনকৈ আৰোগ্য হোৱাৰ সমান্তৰালকৈ দেশত এতিয়াও ১ লাখ ৩৬ হাজাৰ ৫৪৯ টা সক্ৰিয় ঘটনা আছে । দেশত বৰ্তমানলৈ আৰোগ্য হৈছে ১ কোটি ৬ লাখ ৪৪ হাজাৰ ৮৫৮ গৰাকী । আৰোগ্যৰ হাৰ বৰ্তমান ৯৭.৩৩ শতাংশ য'ত কৰ'ণাত মৃত্যুৰ হাৰ ১.৪৩ শতাংশ । মন্ত্ৰালয়ে জনোৱা মতে মঙলবাৰৰ দিনটোত দেশত মুঠ ৬ লাখ ৪৪ হাজাৰ ৯৩১ টা নমুনা পৰীক্ষা কৰা হৈছে । আইচিএমআৰৰ মতে এতিয়ালৈ মুঠ ২০ কেটি ৭৯ লাখ ৭৭ হাজাৰ ২২৯ টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰ মাজতে দেশত যোৱা ১৬ জানুৱাৰীৰ পৰা ৮৯ লাখ ৯৯ হাজাৰ ২৩০ টা কৰ'ণা প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:মাজুলীত আলি আই লৃগাং পালন

For All Latest Updates

ABOUT THE AUTHOR

...view details