নিউজ ডেস্ক, ২১ অক্টোবৰ : ভাৰত চৰকাৰে শুকুৰবাৰে কানাডাৰ এই দাবীক অস্বীকাৰ কৰি কয় যে ভাৰতে আন্তৰ্জাতিক আইন উলংঘা কৰিছে । উল্লেখ্য যে কানাডা চৰকাৰক ভাৰতৰ পৰা কূটনীতিবিদক আঁতৰাই নিবলৈ দিয়া সতৰ্কবাণীৰ পিছত ৪২ গৰাকী কূটনীতিবিদক দেশখনে আঁতৰাই নিছে । ইয়াৰ পিছতে কানাডাই ভাৰতৰ ওপৰত অভিযোগ কৰে যে এই ক্ষেত্ৰত আন্তৰ্জাতিক আইন উলংঘা কৰিছে । কিন্তু ভাৰতে এই অভিযোগ খণ্ডন কৰিছে । ভাৰত চৰকাৰে কৈছে কোনো দুখন চৰকাৰে প্ৰতিখন দেশতে প্ৰায় একে সংখ্যক কূটনীতিবিদ নিয়োজিত কৰিব লাগে ।
তেনে ক্ষেত্ৰত ভাৰতে অতিৰিক্ত কূটনীতিবিদসকলকহে আঁতৰাই নিয়াৰ কথা কৈছে । আনহাতে, কানাডাই বৃহস্পতিবাৰে কয় যে তেওঁলোকে ভাৰতত থকা ৬২ জন কূটনীতিবিদৰ ৪১ জনক আঁতৰাই নিছে, যিহেতু নতুন দিল্লীয়ে এই ক্ষেত্ৰত সতৰ্কবাণী দিছিল । ভাৰত চৰকাৰে কৈছিল যে যদি কানাডাই তেওঁলোকক উভতাই নিনিয়ে তেন্তে তেওঁলোকক প্ৰদান কৰা কূটনৈতিক সুৰক্ষা কৰ্তন কৰিব । অৱশ্যে ইয়াক কানাডাৰ বিষয়াসকলে জেনেভা সন্মিলনৰ উলংঘন বুলি উল্লেখ কৰে ।
উল্লেখ্য যে কানাডাত এজন শিখ বিচ্ছিন্নতাবাদীৰ হত্যাত ভাৰত জড়িত থকাৰ কানাডাৰ অভিযোগক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা বিবাদৰ মাজতে এই নতুন সংঘাত আৰম্ভ হৈছে । আনহাতে, ভাৰতে কৈছে যে দেশখনে ৰাজহুৱাভাৱে এইটো কোৱা নাছিল যে কানাডাৰ কূটনীতিবিদসকলক প্ৰদান কৰা পৰা কূটনৈতিক সুৰক্ষা প্ৰত্যাহাৰ কৰিব বা তেওঁলোকৰ প্ৰস্থানৰ বাবেও কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া নাছিল । কিন্তু ভাৰতে বিচাৰিছিল যে কানাডাই ভাৰতত কূটনীতিবিদৰ সংখ্যা হ্ৰাস কৰক, যাতে কানাডাত থকা ভাৰতৰ কূটনীতিবিদৰ সংখ্যাৰ সৈতে মিলি যায় ।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত কয়, "সমতা সৃষ্টিৰ বাবে ৰূপায়ণ কৰা এই কাৰ্যক আন্তৰ্জাতিক নিয়মৰ উলংঘন হিচাপে চিত্ৰিত কৰাৰ যিকোনো প্ৰচেষ্টা আমি অস্বীকাৰ কৰিছোঁ ।" আনহাতে, প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শুকুৰবাৰে কানাডাৰ উদ্বেগৰ কথা দোহাৰি কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইন আৰু কূটনীতিৰ এক মৌলিক নীতি উলংঘা কৰিছে । লগতে কয় যে এইটো এনে এক বিষয়, যাৰ বিষয়ে বিশ্বৰ সকলো দেশে যথেষ্ট চিন্তিত হোৱা উচিত ।