অসম

assam

ETV Bharat / bharat

ক'ভিড-১৯: ভাৰতত নতুনকৈ ৩.৬৮ লাখ লোক আক্ৰান্ত - কৰ'ণা মহামাৰী

সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । বিগত ২৪ ঘণ্টাত ভাৰতত মহামাৰীৰ কবলত পৰিছে ৩.৬৮ লাখ লোক আৰু প্ৰাণ হেৰুৱাইছে ৩,৪১৭ জনে ।

India records 3.68 lakh new cases in one day
মহামাৰীত নতুনকৈ আক্ৰান্ত হৈছে তিনি লাখৰো অধিক লোক

By

Published : May 3, 2021, 3:51 PM IST

নেশ্যনেল ডেস্ক,৩ মে': ভাৰতত নিতৌ বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । মাত্ৰ এটা দিনত মহামাৰীত আক্ৰান্ত হৈছে ৩,৬৮,১৪৭ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি মৃত্যু হৈছে ৩,৪১৭ জন ৰোগীৰ । আনহাতে, আৰোগ্য হৈ উঠিছে ৩,০০,৭৩২ গৰাকী ব্যক্তি ।

বৰ্তমান দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১,৯৯,২৫,৬০৪ জন । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ এতিয়ালৈকে দেশত ২,১৮,৯৫৯ জনে প্ৰাণ হেৰুৱাইছে । বৰ্তমান ভাৰতত ৩৪,১৩,৬৪২ গৰাকী সক্ৰিয় ৰোগী আছে । ইফালে, মহামাৰীৰে যুঁজি সুস্থ হৈ উঠিছে ১৬,২৯,৩০০৩ জন । চিকিৎসালয়ত বিচনাৰ অভাৱ হোৱাৰ বাবে সম্প্ৰতি বহু ৰোগীৰ চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷

অক্সিজেনৰ অভাৱে দেশত যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া সৰ্বজনবিদিত । চৰকাৰৰ কঠোৰ ব্যৱস্থা, লক ডাউন আদিয়েও সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সহায়ক হোৱা পৰিলক্ষিত হোৱা নাই । কিয়নো দিল্লী, মহাৰাষ্ট্ৰৰ দৰে ঠাইত লক ডাউন জাৰি কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ।

চৌদিশে কেৱল শুনিবলৈ পোৱা গৈছে ৰোগীৰ যন্ত্ৰণাকাতৰ চিঞৰ । আনহাতে, শ্মশানে শ্মশানে দিনে-ৰাতিয়ে জ্বলিছে চিতাৰ জুই । শেষকৃত্য সম্পন্ন কৰা ঠাইৰ অভাৱৰ বাবে শ্মশানৰ বাহিৰত আপোনজনৰ মৃতদেহ লৈ শাৰী পাতিবলগীয়া হৈছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত 'অক্সিজেন উদ্যান' নিৰ্মাণ

ABOUT THE AUTHOR

...view details