নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : ভাৰতত ভয়াৱহ হাৰত বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্তৰ ঘটনা । বৰ্তমানলৈকে দেশৰ 27 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰণা ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 4,033 গৰাকী । মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত সৰ্বাধিক 1,216 আৰু 529 টা অ’মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । অৱশ্যে অ’মিক্ৰণত আক্ৰান্ত 4,033 গৰাকী ৰোগীৰ ভিতৰত, 1,552 গৰাকী ৰোগীক ডিচচাৰ্জ কৰা হৈছে চিকিৎসালয়ৰ পৰা । সোমবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্যত পোহৰলৈ আহিছে এই সংখ্যা ।
Omicron varient in India : ভাৰতত দিনে 13.29 শতাংশ হাৰত বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা - new cases as metros drive Covid surge
ভাৰতত অ’মিক্ৰণত আক্ৰান্তৰ সমখ্যা অতি ভয়াবহ হাৰত বৃদ্ধি পাইছে । বৰ্তমানলৈকে দেশৰ 27 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰণা ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 4,033 গৰাকী ।
![Omicron varient in India : ভাৰতত দিনে 13.29 শতাংশ হাৰত বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা india-records-over-1-dot-79-lakh-new-covid-cases-metros-driving-surge](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-14144250-thumbnail-3x2-nn.jpg)
দিনে 13.29 শতাংশ হাৰত বৃদ্ধি দেশত ক'ভিডত আক্ৰান্তৰ সংখ্যা
মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতত যোৱা 24 ঘণ্টাত ক’ৰণাত আক্ৰান্ত হৈছে 1,79,723 গৰাকী ব্যক্তি, যি হৈছে যোৱা 225 দিনৰ ভিতৰত সৰ্বাধিক আক্ৰান্তৰ ঘটনা । ইফালে সমগ্ৰ দেশত ক’ভিডৰ সংক্ৰমণৰ সংখ্যা হৈছেগৈ 3,57,07,727 টা । আনহাতে, ক’ৰণাত নতুনকৈ আক্ৰান্ত হৈ যোৱা 24 ঘণ্টাত ১৪৬ গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইয়াকে ধৰি ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬ গৰাকী ৷
লগতে পঢ়ক :Unutilized COVID vaccine : এতিয়াও ৰাজ্যসমূহত মজুত আছে অব্যৱহৃত ১৭ কোটি ক'ভিড প্ৰতিষেধক
Last Updated : Jan 10, 2022, 10:14 AM IST