অসম

assam

ETV Bharat / bharat

Covid cases in India : দেশত বিগত 24 ঘণ্টাত কোভিডত মৃত্যু ২৭ জন লোকৰ - বিগত 24 ঘণ্টাত দেশত কোভিডত মৃত্যু ২৭ জন লোকৰ

যোৱা ২৪ ঘন্টাত ৯,১১১ গৰাকী নতুন কোভিড ৰোগী চিনাক্ত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷ আতংকিত নহ’বলৈ আহ্বান দিল্লীৰ এইমছৰ প্ৰাক্তন সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ (Covid 19 news) ৷

Covid 19 updates
কোভিডত মৃত্যু ২৭ জন লোকৰ

By

Published : Apr 17, 2023, 3:47 PM IST

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা দৈনিক স্বাস্থ্য বুলেটিন অনুসৰি ভাৰতত যোৱা ২৪ ঘন্টাত ৯,১১১ গৰাকী নতুন কোভিড ৰোগী চিনাক্ত হৈছে বুলি উল্লেখ কৰে ৷ ৬,৩১৩ জন সুস্থ হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা বৰ্তমান ৬০,৩১৩ জন বুলি জানিব পৰা গৈছে । দেহত কোভিড ধৰা পৰা মুঠ ৰোগীৰ ভিতৰত ০.১৩ শতাংশ হ’ল সক্ৰিয় ৰোগীৰ সংখ্যা (Covid 19 updates) ।

অৱশ্যে দেওবাৰৰ তুলনাত আজি ধৰা পৰা ৰোগীৰ সংখ্যা কম ৷ দেওবাৰে ১০,০৯৩ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড ৰোগ । সোমবাৰৰ দিনটোত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৭,৫৪২ ৰ পৰা ৬৯,৩১৩ লৈ বৃদ্ধি পাইছে । দেশজোৰা কোভিড প্ৰতিষেধক অভিযানৰ অধীনত দেশত প্ৰদান কৰা মুঠ কোভিড ভেকচিনৰ মাত্ৰাই ২২০.৬৬ কোটি অতিক্ৰম কৰাৰ লগতে বিগত ২৪ ঘন্টাত ১৯৮ টা ড'জ প্ৰদান কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৬,৩১৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিচত ভাৰতত মুঠ আৰোগ্যৰ সংখ্যা ৪,৪২,৩৫,৭৭২ হৈছে আৰু আৰোগ্যৰ হাৰ হৈছে ৯৮.৬৮ শতাংশ (Covid infection in India) ।

আজি পুৱা ৮ বজাত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত মুঠ ২৭ জন লোকৰ কোভিডত মৃত্যু হৈছে । গুজৰাটত ৬ জন, উত্তৰ প্ৰদেশৰ ৪ জন, দিল্লী আৰু ৰাজস্থানৰ ৩ জন লোকৰ , মহাৰাষ্ট্ৰৰ ২ জন, বিহাৰ, ছত্তীশগড়, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কেৰালা আৰু তামিলনাডুৰ পৰা এজনকৈ আৰু কেৰালাত তিনিজন লোকৰ মৃত্যু হৈছে । দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা বৰ্তমান ৮.৪০ শতাংশ আৰু সাপ্তাহিক সক্ৰিয়তাৰ হাৰ ৪.৯৪ শতাংশ । যোৱা ২৪ ঘণ্টাত ১,০৮,৪৩৬ টা কোভিড পৰীক্ষা সম্পন্ন কৰি ভাৰতৰ মুঠ কোভিড পৰীক্ষা ৯২.৪১ কোটিলৈ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পাইছে (Total covid active cases)।

শেহতীয়াকৈ কোভিড পুনৰ চৰ্চালৈ অহাৰ সময়তে চিকিৎসা বিশেষজ্ঞসকলে নতুন XBB1.16 ভেৰিয়েণ্টে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাশ কৰিবলৈ সক্ষম আৰু আগন্তুক চাৰি সপ্তাহ অতি গুৰুত্বপূৰ্ণ বুলি সকীয়াই দিছে । দিল্লীৰ এইমছৰ প্ৰাক্তন সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই শনিবাৰে কয় যে, দেশত কোভিড 19 ৰ সংক্ৰমণৰ নতুন উত্থান দেখিবলৈ পোৱাৰ সময়তে পৰিস্থিতি আতংকৰ সৃষ্টি কৰা নহয় ।

সমগ্ৰ দেশতে কোভিড 19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু গুলেৰিয়াই এএনআইক জানিবলৈ দিয়া মতে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ বৰ্তমানেও বৃদ্ধি পোৱা নাই (Covid testing in India)। লগতে, এতিয়াও আতংকৰ দৰে পৰিস্থিতি সৃষ্টি হোৱা নাই বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Narayanpur naxal attack: প্ৰতিটো ৰাজনৈতিক দলৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ নক্সালবাদীৰ

ABOUT THE AUTHOR

...view details