নেশ্যনেল ডেস্ক, 5 আগষ্ট:ভাৰতত পুনৰ ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে (India records 70 new Covid fatalities) ৷ ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈ নতুনকৈ 70 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰলৈ এদিনত 20,551 টা নতুনকৈ ক’ভিড 19 ত সংক্ৰমিত হোৱা ঘটনা পোহৰলৈ আহিছে (India records new Covid cases) ৷ ইয়াকে লৈ এতিয়া ভাৰতত ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা 4,41,07,588 লৈ বৃদ্ধি হৈছে ৷ আনহাতে ক’ভিড 19 ত সক্ৰিয় ঘটনা 1,35,364 লৈ হ্ৰাস পাইছে ৷
ইয়াৰোপৰি শেহতীয়াকৈ নতুনকৈ ক’ভিডত আক্ৰান্ত হৈ ৭০ গৰাকী ৰোগী মৃত্যুৰ মুখত পৰিছে ৷ দেশখনত এতিয়া ক’ভিডত মৃত্যুৰ সংখ্যা 5,26,600 লৈ বৃদ্ধি হৈছে ৷
উল্লখ্য যে ভাৰতত ক’ভিডৰ ঢৌ মাৰ নৌযাওঁতেই সংহাৰী ৰূপ লৈছে মাংকিপক্সে (Monkeypox Outbreaks in India) ৷ ইতিমধ্যে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 9 গৰাকী ৷ ভাৰতত এতিয়ালৈকে কেৰালাৰ পৰা 5 টা আৰু দিল্লীৰ পৰা 4 টা মাঙ্কিপক্স ঘটনা পোহৰলৈ আহিছে (India has reported 9 monkeypox cases)৷