নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল :দেশত পুনৰ ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid infection in India)। সোমবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে ৫,৮৮০ গৰাকী লোক । লগতে ১৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । দেশত সক্ৰিয় ঘটনা বৰ্তমান ৩৫,১৯৯ টা (Covid active cases in India)।
দিল্লী আৰু হিমাচল প্ৰদেশত ৪ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Covid related death in India)। আনহাতে গুজৰাট, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত এজনকৈ আৰু কেৰালাত দুগৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । দৈনিক আক্ৰান্তৰ হাৰ ৬.৯১ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ ৩.৬৭ শতাংশ । এতিয়ালৈকে দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা ৪.৪৭ কোটি অতিক্ৰম কৰিছে ।
ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে কয় যে, দেশত শেহতীয়াকৈ ক'ভিড বৃদ্ধিৰ আঁৰত ক'ভিডৰ এছঅ'পি শিথিল কৰা, ক'ভিড পৰীক্ষাৰ হাৰ কমি যোৱা আৰু ক'ভিডৰ নতুন প্ৰকাৰ ।
ইফালে, কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি, কেইবাখনো ৰাজ্য চৰকাৰে সমগ্ৰ দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়সমূহত ক'ভিডৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয় পৰিদৰ্শন কৰি তাত আয়োজিত ক'ভিড বিৰোধী মক ড্ৰিলৰ পৰ্যালোচনা কৰে (Health Ministry meeting over Covid)।
তামিলনাডুৰ স্বাস্থ্য মন্ত্ৰী মা সুব্ৰমনিয়ামে চেন্নাইৰ ৰাজীৱ গান্ধী চিকিৎসালয়ত ক'ভিড-১৯ পৰিচালনাৰ বাবে জৰুৰীকালীন সঁহাৰিৰ বাবে এক মক ড্ৰিল পৰিদৰ্শন কৰে (Covid mockdrills in Tamilnadu)। সংবাদ মাধ্যমৰ সন্মুখত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, তামিলনাডুত নতুনকৈ প্ৰায় ৩৫০ টা ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে ৰাজ্যত ভয়ৰ কোনো কাৰণ নাই বুলি তেওঁ উল্লেখ কৰে । তথাপিও ক'ভিডৰ তৃতীয় আৰু চতুৰ্থ ঢৌৰ প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ আশংকা কৰিছে ।
ইফালে, হাৰিয়ানাৰ ঝাজ্জৰত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত এক ক'ভিড-১৯ৰ মক ড্ৰিলৰ আয়োজন কৰা হয় । মধ্য প্ৰদেশত জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ এটা দলেও ইন্দোৰৰ প্ৰকাশচন্দ্ৰ চেঠী চিকিৎসালয়কে ধৰি কেইবাখনো চিকিৎসালয় পৰিদৰ্শন কৰে ।