নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: সামগ্ৰিকভাৱে ভাৰতত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও এতিয়াও দেশৰ বিভিন্ন ৰাজ্যত মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই । মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দেশত নতুনকৈ ৩৭,৫৯৩ জন লোক ক'ভিড ১৯ত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ'ণাত আক্ৰান্ত হৈ মঙলবাৰৰ দিনটোত ৬৪৮ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । এতিয়ালৈকে দেশত মহামাৰীৰ কবলত পৰি মুঠ ৪,৩৫,৭৫৮ জনৰ মৃত্যু হৈছে ।
ভাৰতত মুঠ ৩,২৫,১২,৩৬৬ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । বৰ্তমান দেশত ৩,২২,৩২৭টা সক্ৰিয় আক্ৰান্তৰ ঘটনা আছে । আনহাতে, বৰ্তমানলৈকে ৩,১৭,৫৪,২৮১ গৰাকী লোক আৰোগ্য হৈ উঠিছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি, বৰ্তমানলৈকে ভাৰতত ৫১,১১,৮৪,৫৪৭টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।