নেশ্যনেল ডেস্ক, ১০ মে': ভাৰতত টীকাকৰণ অভিযান অব্যাহত থকাৰ মাজতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । অক্সিজেনৰ অভাৱ, চিকিৎসালয়ত বিচনাৰ অভাৱে ক'ভিড ৰোগীক ভয়াৱহ বিপদৰ মাজলৈ ঠেলি দিছে । এনে পৰিস্থিতিৰ মাজতে দেওবাৰে মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত কিছু ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।
দেওবাৰে দেশত ৩,৬৬,১৬১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । বিগত কেইবাদিনো ধৰি ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ এই সংখ্যা তুলনামূলকভাৱে কম । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৫৩,৮১৮ জন লোক সুস্থ হৈ উঠিছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৩,৭৫৪ জন ৰোগীয়ে ।