নিউজ ডেস্ক, ২৬ মাৰ্চ :দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ (Covid cases in India) । বিগত কিছুদিনৰ পৰা পুনৰ ঊৰ্ধ্বগামী হৈছে কোভিড গ্ৰাফ । যাক লৈ চিন্তিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ো । শেহতীয়াভাৱে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত এই কথা প্ৰকাশ পাইছে (Union Ministry of Health and Family Welfare) ।
আনহাতে, স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে দেশত বিগত ২৪ ঘণ্টাত কোভিড-১৯-ৰ ১,৮৯০ টা নতুন ঘটনা নথিভুক্ত হৈছে (India records 1890 covid cases in last 24 hrs) । স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ভাৰতত বৰ্তমান সক্ৰিয় কৰোণা ৰোগী হৈছে ৯,৪৩৩ গৰাকী । আনহাতে, বিগত 24 ঘণ্টাত 1,051 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে । ইয়াকে লৈ দেশত কৰোণাৰ পৰা মুঠ 4,41,63,883 গৰাকী লোক সুস্থ হৈছে ।
বৰ্তমান দেশত কৰোণাৰ পৰা সুস্থ হৈ উঠাৰ হাৰ হৈছে 98.79 শতাংশ (India covid recovery rat) । দৈনিক পজিটিভিটিৰ হাৰ আৰু সাপ্তাহিক পজিটিভিটি হাৰ হৈছে ক্ৰমান্বয়ে 1.56 শতাংশ আৰু 1.29 শতাংশ । চৰকাৰী বিজ্ঞপ্তি অনুসৰি, এতিয়ালৈকে 92.09 কোটি কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে (India total covid test) । যাৰ ভিতৰত বিগত 24 ঘণ্টাত 1,21,147 টা পৰীক্ষা কৰা হৈছে ।