নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল :দেশত ক'ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে (Covid cases in India)। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা দৈনিক স্বাস্থ্য বুলেটিন অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১০,০৯৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ভাৰতত ক'ভিডৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৫৭,৫৪২ লৈ বৃদ্ধি হৈছে । ক'ভিডৰ সংক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ঘটনাৰ ০.১৩ শতাংশ । আনহাতে যোৱা ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য হৈছে ৬,২৪৮ গৰাকী লোক । ইয়াৰ লগে লগে দেশত মুঠ আৰোগ্যৰ সংখ্যা হ'লগৈ ৪,৪২,২৯,৪৫৯ টা (Total Covid recoveries)।
দৈনিক আক্ৰান্তৰ হাৰ হৈছে ৫.৬১ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ ৪.৭৮ শতাংশ (Covid positivity rate)। বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৮.৬৮ শতাংশ বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে । লক্ষণীয়ভাৱে যোৱা ২৪ ঘণ্টাত দেশত ৮০৭ টা ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । যাৰ জৰিয়তে দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে মুঠ ২২০.৬৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে বুলি জনাইছে স্বাস্থ্য বিভাগে (Covid vaccination)।