অসম

assam

ETV Bharat / bharat

ভাৰতীয় সেনাক শীতকালীন বস্ত্ৰ প্ৰদান কৰিলে আমেৰিকাই

চীনৰ সৈতে থকা প্ৰকৃত নিয়ন্ত্ৰণৰেখাত মোতায়েন হৈ থকা ভাৰতীয় সেনাৰ বাবে আমেৰিকাৰ প্ৰদান কৰা শীতকালীন বস্ত্ৰ ইতিমধ্যে ভাৰত আহি পাইছে ৷

By

Published : Nov 4, 2020, 12:31 PM IST

ভাৰতীয় সেনাক শীতকালীন বস্ত্ৰ প্ৰদান কৰিলে আমেৰিকাই
ভাৰতীয় সেনাক শীতকালীন বস্ত্ৰ প্ৰদান কৰিলে আমেৰিকাই

নিউজ ডেস্ক, 4 নৱেম্বৰ : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰিবলৈ আমেৰিকাৰ পৰা ভাৰত আহি পাইছে স্থলসেনাৰ বাবে বহু অপেক্ষিত শীতকালীন পোচাক ৷ আমেৰিকাৰ সেনাই অত্যধিক শীতকালীন পৰিৱেশত ব্যৱহাৰ কৰা এই উন্নত পোচাক জৰুৰীকালীনভাৱে ভাৰতে ক্ৰয় কৰে ৷ চীনৰ সৈতে উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে আগন্তুক শীতকালত মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ইতিমধ্যেই এই পোচাক প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লগতে ছিয়াচীনত নিয়োজিত হৈ থকা সেনাৰ বিষয়া-জোৱানসকলক প্ৰদান কৰা হৈছে ৷ স্থলসেনাই ইতিমধ্যেই এই পোচাকৰ 60,000 যোৰা সাজ অতিৰিক্তভাৱে সাজু কৰি ৰাখিছে ৷ চলিত বৰ্ষত এই অঞ্চলত নিয়োজিত হৈ থকা প্ৰায় 90,000 বিষয়া-জোৱানৰ বাবে অতিৰিক্তভাৱে 30,000 এনেকুৱা শীতকালীন পোচাকৰ প্ৰয়োজন হৈছিল ৷

ভাৰতীয় সেনাই অতিৰিক্তভাৱে দুটাকৈ ডিভিজন এইটো অঞ্চলত মোতায়েন কৰাৰ পিচতেই এই পোচাকৰ অভাৱ অনুভৱ কৰা হৈছিল ৷ পৰ্বতীয়া অঞ্চলটোৰ বাবে প্ৰয়োজন হোৱা এই শীতকালীন পোচাক জৰুৰীকালীনভাৱে আমেৰিকাৰ পৰা সেয়েহে ক্ৰয় কৰা হৈছিল ৷

ভাৰতে এই পোচাকৰ উপৰিও আমেৰিকান অস্ত্ৰ নিৰ্মাণকাৰী সংস্থা ছিগ-ছুৱেৰৰ পৰা অতিৰিক্তভাৱে 70,000হাজাৰ ৰাইফল ক্ৰয় কৰিছিল ৷ এইসমূহ ৰাইফল ভাৰতীয় অস্ত্ৰপ্ৰণালী ইনছাচক সেৱানিবৃত কৰি তাৰ ঠাইত স্থলাভিষিক্ত কৰা হৈছে ৷

লগতে পঢ়ক :চীনক পৰাভূত কৰা ভাৰতৰ বিশেষ সীমান্ত বল (ছদ্মনাম বিকাশ)ৰ বিষয়ে....

ABOUT THE AUTHOR

...view details