নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ :আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে 'চামিট ফৰ ডেম'ক্ৰেচি' শীৰ্ষক সন্মিলনৰ আৰম্ভ কৰে (Joe Biden launched Summit for Democracy)। ইয়াৰ প্ৰথম কাৰ্যসূচীত বিশ্বৰ প্ৰায় ৮০ গৰাকী নেতাই অংশগ্ৰহণ কৰে । নেতাসকল ফ্ৰান্স, কানাডা, ব্ৰাজিল, আৰ্জেণ্টিনা, উৰুগুৱে, জাপান, ইজৰাইল, ফিলিপাইনছৰ আদি দেশৰ আছিল ।
এই ভাৰ্ছুৱেল সন্মিলনত জ' বাইডেনৰ আমন্ত্ৰণ ৰক্ষা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰে (PM Modi joins in Summit for Democracy)। কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে বিশ্বব্যাপী গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰাৰ বাবে বাকী অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ সাজু আছে । ইফালে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলন সম্পৰ্কত কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আমন্ত্ৰণত এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ যথেষ্ট সুখী ।