নেশ্যনেল ডেস্ক,4 এপ্ৰিল:কৰ'ণা মহামাৰীয়ে কেৱল দেশৰ বিভিন্ন খণ্ড আৰু অৰ্থনীতি ধ্বংস কৰাই নহয় মহিলাসকলৰ জীৱন-যাপনৰ মানদণ্ডৰ ওপৰতো প্ৰভাৱ পেলাইছে । বিশেষকৈ ভাৰতত লিংগ বৈষম্য এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে । বিশ্ব অৰ্থনৈতিক মঞ্চৰ শেহতীয়া ৰেংকিং অনুসৰি ভাৰতে বিশ্ব লিংগ সমতাৰ তালিকাত ২৮ টা স্থান পিছুৱাই ১৫৬ খন দেশৰ ভিতৰত ১৪০ তম স্থান লাভ কৰিছে । ২০২০ চনত ভাৰতে ১৫৩ খন দেশৰ ভিতৰত ১১২ তম স্থান লাভ কৰিছিল ।
অৱশ্যে এই সূচকৰ ১৫৩ নম্বৰ স্থানত আছে পাকিস্তান আৰু ১৫৬ স্থানত আছে আফগানিস্তান । অন্যহাতে, লিংগ সমতাৰ ক্ষেত্ৰত ভাৰততকৈ কিছু উন্নত স্থানত আছে কেইখনমান চুবুৰীয়া দেশ । তাৰ ভিতৰত বাংলাদেশ ৫৬ স্থানত, নেপাল আছে ১০৬ নম্বৰ স্থানত, শ্ৰীলংকা ১১৬ত আৰু ভূটান ১৩০ নম্বৰ স্থানত ।
বিশ্ব অৰ্থনৈতিক মঞ্চৰ সমীক্ষাই এইটোও সূচায় যে মহিলাৰ উপাৰ্জন পুৰুষৰ তুলনাত মাত্ৰ এক পঞ্চমাংশ । এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে কম উপাৰ্জন কৰা মহিলা থকা দেশসমূহৰ ভিতৰত শেষৰ দহখন দেশত আছে ভাৰতত । অৱশ্যে ভাৰতত ল'ৰা আৰু ছোৱালীৰ মাজত শিক্ষাগত ব্যৱধান হ্ৰাস পাইছে । দেশখনত মহিলা সাক্ষৰতাৰ হাৰ ৩৪.২ শতাংশ তাৰ বিপৰীতে পুৰুষৰ সাক্ষৰতাৰ হাৰ মাত্ৰ ১৭.৬ শতাংশ ।