অসম

assam

ETV Bharat / bharat

19th Asian games in China: এছিয়ান গেমছত অৰুণাচলৰ খেলুৱৈ বিৰুদ্ধে পোষণ কৰা মনোভাৱৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰে প্ৰতিবাদ - india china latest conflict

19 সংখ্যক এছিয়ান গেমছত অৰুণাচল প্ৰদেশৰ খেলুৱৈৰ ভিছা প্ৰত্যাখ্যান ৷ চীনৰ বিৰুদ্ধে প্ৰতিবাদ সৰ্বত্ৰে ৷ চীনৰ ভূমিকাক সমালোচনা বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিৰ ৷

19th Asian games in China
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচি

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 9:35 AM IST

নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰ:ৱুচু এথলীটসকলৰ ভিছা প্ৰত্যাখ্যান কৰা চীনৰ কাৰ্যক তীব্ৰ গৰিহণা জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে । চীনত অনুষ্ঠিত হ’বলগীয়া 19 সংখ্যক এছিয়ান গেমছত অংশগ্ৰহণ কৰিবলগীয়া 11 জনীয়া ৱুছু দলটোৰ তিনিজনে ৰাষ্ট্ৰীয় ৰাজধানীত থাকিবলৈ বাধ্য হোৱাৰ পিছতে দেশৰ সৰ্বত্ৰে আৰম্ভ হৈছে প্ৰতিবাদ ৷ ভ্ৰমণৰ প্ৰমাণ পত্ৰ লাভ নকৰা এই খেলুৱৈসকল অৰুণাচল প্ৰদেশ ৰাজ্যৰ অন্তৰ্গত ।

এছিয়ান গেমছত ভাৰতীয় একাংশ খেলুৱৈক প্ৰৱেশৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় "ভাৰত চৰকাৰে জানিব পাৰিছে যে চীন কৰ্তৃপক্ষই ভাৰতৰ অৰুণাচল প্ৰদেশৰ একাংশ ক্ৰীড়াবিদৰ প্ৰতি গ্ৰহণ কৰিছে বৈষম্যমূলক আচৰণ ৷ চীনৰ হাংঝুত অনুষ্ঠিত হ’বলগীয়া 19 সংখ্যক এছিয়ান গেমছত প্ৰৱেশৰ পৰা বঞ্চিত কৰি বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ”

" আমাৰ দীৰ্ঘদিনীয়া আৰু সামঞ্জস্যপূৰ্ণ স্থিতিৰ সৈতে সংগতি ৰাখি ভাৰতে ভাৰতীয় নাগৰিকৰ প্ৰতি বাসস্থান বা জনগোষ্ঠীৰ ভিত্তিত ভিন্নতাক দৃঢ়ভাৱে নাকচ কৰি আহিছে । অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু সদায়ে হৈ থাকিব ।"

বাগচিয়ে কয়, "চীনে ভাৰতীয় একাংশ ক্ৰীড়াবিদক ইচ্ছাকৃতভাৱে বাধা দিয়াৰ বিৰুদ্ধে নতুন দিল্লী আৰু বেইজিঙত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । চীনৰ এই কাৰ্যই এছিয়ান গেমছৰ মনোভাৱৰ লগতে তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ নিয়ম দুয়োটাকে উলংঘা কৰিছে, যিয়ে এছিয়ান গেমছে সদস্য ৰাষ্ট্ৰৰ প্ৰতিযোগীৰ বিৰুদ্ধে বৈষম্য কৰাটো স্পষ্টভাৱে নিষিদ্ধ কৰিছে ।

উল্লেখ্য যে, বিগত মাহত চীনে নিজৰ ভূ-খণ্ডৰ আদৰ্শ মানচিত্ৰ প্ৰকাশ কৰিছিল, য’ত ভাৰতৰ অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে দেখুওৱা হৈছিল । চীনৰ এই কাৰ্যক লৈ ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি স্পষ্ট কৰি দিছিল ।

লগতে পঢ়ক:19th Asian Games : এছিয়ান গেমছত অৰুণাচলৰ খেলুৱৈৰ ভিছা প্ৰত্যাখ্যান; চীনক গৰিহণা কিৰেণ ৰিজিজুৰ

ABOUT THE AUTHOR

...view details