নতুন দিল্লী, 28 জানুৱাৰী : ভাৰত আৰু ফিলিপাইনচৰ মাজত আজি ৩৭৫ নিযুত আমেৰিকান ডলাৰৰ এক চুক্তি সম্পন্ন হয় (India and Philippines signed the USD 375 million deal) যাৰ জৰিয়তে ভাৰতে ফিলিপাইনচৰ নৌ-সেনাক ব্ৰাহ্মোচ চুপাৰচনিক এন্টি শ্বীপ ক্ৰুজ ক্ষেপনাষ্ট্ৰ বিক্ৰি কৰিব । ভাৰত আৰু ৰাচিয়াৰ যৌথ উদ্যোগত সৃষ্টি হোৱা ব্ৰাহ্মোচ এৰোস্পেচ প্ৰাইভেট লিমিটেড (BrahMos Aerospace Private Limited) ৰ দ্বাৰা নিৰ্মিত এই ব্ৰাহ্মোচ চুপাৰচনিক এন্টি শ্বীপ ক্ৰুজ ক্ষেপনাষ্ট্ৰৰ দ্বাৰা ভূমি, জাহাজ, বিমান তথা চাৱমেৰিনৰ পৰাও লক্ষ্যভেদ কৰিব পাৰি ।
ফিলিপাইনচৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানা (Defence Minister of the Philippines) আৰু ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে (Indian envoy Shambhu Kumaran) এই চুক্তিত স্বাক্ষৰ কৰে । ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ আন কিছু বিষয়া আৰু ব্ৰাহ্মোচ এৰোস্পেচৰ চিফ এক্সিকিউটিভ অফিচাৰ অতুল ডি ৰানে ও এই চুক্তি স্বাক্ষৰ অনুস্থানত দিল্লীৰ পৰা ভাৰ্চুৱেলী উপস্থিত থাকে ।