নিউজ ডেস্ক,৪ ফেব্ৰুৱাৰী:বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা ৰাষ্ট্ৰসমূহলৈ ইয়াৰ অস্ত্ৰ ৰপ্তানি বৃদ্ধি কৰাৰ বাবে ভাৰতে বৃহস্পতিবাৰে থলুৱা লাইট কম্বাক্ট বিমান তেজছ, আৰ্টিলাৰী বন্দুক, বিস্ফোৰক, টেংক আৰু মিছাইল, টেংক বিৰোধী খনি আৰু অন্যান্য সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত অনুমোদন জনায় । মুঠতে চৰকাৰে ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিত অনুমোদন জনায় । প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা (ডিআৰডিঅ')ৰ দ্বাৰা মুকলি কৰা হয় ৰপ্তানি কৰিব লগা সামগ্ৰীসমূহৰ তালিকা । তালিকাখনৰ মতে ৰপ্তানিৰ সামগ্ৰী সমূহৰ ভিতৰত আছে ১৯ টা এৰোনটিকেল চিছটেম , ১৬ টা পাৰমাণৱিক জৈৱিক ৰাসায়নিক সঁজুলি, ৪১ টা অস্ত্ৰ আৰু যুদ্ধ প্ৰণালী, ২৮ টা নৌ প্ৰণালী, ২৭ টা ইলেক্ট্ৰনিক আৰু যোগাযোগ প্ৰণালী, ১০ টা জীৱন সুৰক্ষা সামগ্ৰী , চাৰিটা মিছাইল প্ৰণালী, চাৰিটা মাইক্ৰইলেক্ট্ৰনিক সঁজুলি আৰু আন সাতটা সামগ্ৰী।
ইয়াৰ আগতে, আকাশ মিছাইল ৰপ্তানিৰ বাবে অনুমোদন জনোৱা হৈছিল , কিন্তু এতিয়া বিয়ণ্ড ভিজুৱেল ৰেঞ্জ (বিভিআৰ) এয়াৰ টু এয়াৰ মিছাইল এষ্ট্ৰা, এণ্টি-টেংক মিছাইল নাগ আৰু ব্ৰাহ্মোছ অস্ত্ৰ প্ৰণালী ৰপ্তানিৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ ।