নেশ্যনেল ডেস্ক,১১ মাৰ্চ: ভি-গণতন্ত্ৰ নামৰ এটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে টুইটযোগে কেতবোৰ মন্তব্য প্ৰকাশ কৰে । ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয় । ভাৰত এতিয়া পাকিস্তানৰ দৰে এক স্বৈৰাচাৰীৰ দেশ হৈ পৰিছে । বাংলাদেশতকৈ ভাৰত নগণ্য হিচাপে ভি-গণতন্ত্ৰ প্ৰতিষ্ঠানে উক্ত প্ৰতিবেদনত প্ৰকাশ কৰিছিল ।
ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয়: ৰাহুল গান্ধী - 'নিৰ্বাচনী একনায়কত্ব'
ভি-গণতন্ত্ৰ নামৰ এটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট । ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয় । ভাৰত এতিয়া পাকিস্তানৰ দৰে এক স্বৈৰাচাৰীৰ দেশ হৈ পৰিছে বুলি টুইট কৰে ।
![ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয়: ৰাহুল গান্ধী ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয়ঃ ৰাহুল গান্ধী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10965698-245-10965698-1615461340495.jpg)
ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয়ঃ ৰাহুল গান্ধী
ভি-গণতন্ত্ৰই ভাৰতক 'নিৰ্বাচনী একনায়কত্ব' থকা দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । ইয়াৰ পাচতে ভাৰত চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবেদনটোক বিভ্ৰান্তিকৰ, মিছা আৰু অন্যায় বুলি নস্যাৎ কৰে । শেহতীয়াকৈ বৃহস্পতিবাৰে ৰাহুল গান্ধীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।