অসম

assam

ETV Bharat / bharat

দ্বিপাক্ষিক সম্পৰ্কক আগবঢ়াই নিয়াত সন্মতি প্ৰকাশ ভাৰত-নেপালৰ - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ভাৰত(India) আৰু নেপাল(Nepal)ৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিলে দুয়োখন দেশে । নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(S Jaishankar) নেপালৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰে । এই বৈঠকতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ আলোচনা কৰে বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে ।

India, Nepal agree to take bilateral ties forward
দ্বিপাক্ষিক সম্পৰ্কক আগবঢ়াই নিয়াত সন্মতি প্ৰকাশ ভাৰত আৰু নেপালৰ

By

Published : Sep 27, 2021, 8:50 PM IST

নেশ্যনেল ডেস্ক, ২৭ ছেপ্টেম্বৰ : নেপালৰ বৈদেশিক মন্ত্ৰী ড৹ নাৰায়ণ খাড়কাক সাক্ষাৎ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ । নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ সময়তে দুয়োখনৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে এক বৈঠকত মিলিত হয় । এই বৈঠকতে ভাৰত(India) আৰু নেপাল(Nepal)ৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ মন্ত্ৰী দুগৰাকী । টুইটযোগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, তেওঁ ড৹ নাৰায়ণ খাড়কাক আদৰণি জনাই আনন্দিত হৈছে ।

দুয়োখন দেশৰ বিশেষ সম্পৰ্কক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰা উচিত বুলি তেওঁলোক দুয়ো সন্মত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । দুয়োগৰাকী মন্ত্ৰীৰ মাজত এইখনেই প্ৰথম বৈঠক । যোৱা সপ্তাহত, নেপালৰ বৈদেশিক মন্ত্ৰী হিচাপে খাড়কাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে মন্ত্ৰী জয়শংকৰে তেওঁক অভিনন্দন জনাইছিল । নেপালৰ সৈতে ভাৰতৰ এক ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্ক আছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আগতে কৈছিল যে, বিগত বছৰকেইটাত ভাৰত-নেপালৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী হৈছে । ভাৰতৰ সহায়ত কেইবাটাও মুখ্য আন্তঃগাঁথনি আৰু সীমান্ত সংযোগ প্ৰকল্প সম্পূৰ্ণ হৈছে ।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা ৮ মে'ত উত্তৰাখণ্ডৰ ধাৰচুলাৰ সৈতে লিপুলেখ পাছ সংযোগী ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথ কৌশলগতভাৱে উদ্বোধন কৰাৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত কিছু পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল । আনহাতে, যোৱা ২২ ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই নাৰায়ণ খাড়কাক বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিছিল । দেউবাৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে, চলিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ দেশৰ প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ খাড়কাক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰা প্ৰদেশ কংগ্ৰছত অন্তৰ্কন্দল, বহু নেতাৰ দল ত্যাগ

ABOUT THE AUTHOR

...view details