নেশ্যনেল ডেস্ক,১৮ জুলাই :বিৰোধী মহাজোঁটৰ নাম হ'ব 'ইণ্ডিয়া' (INDIA)। এই ঘোষণা এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ । বেংগালুৰুত বিৰোধীৰ বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই কথা ঘোষণা কৰে । আনহাতে বিৰোধী মহাজোঁটৰ পৰৱৰ্তী বৈঠক মুম্বাইত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । সংবাদমেলত খাৰ্গেয়ে কয় যে এইখন অতি গুৰুত্বপূৰ্ণ বৈঠক । গণতন্ত্ৰ আৰু জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল বুলি তেওঁ উল্লেখ কৰে ।
বিৰোধীয়ে একতা মন্ত্ৰৰ সৈতে বহুতো সংকল্প লৈছে বুলিও তেওঁ উল্লেখ কৰে । মহাজোঁটক 'ইণ্ডিয়া নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স' বুলি নামাকৰণ কৰা হৈছে । এই নামটো সকলোৱে গ্ৰহণ কৰিছে । তেওঁ কয় যে এয়া এক ডাঙৰ সাফল্য হ'ব ।
তেওঁ উল্লেখ কৰা মতে ১১ জনীয়া সমন্বয় সমিতি গঠন কৰা হ'ব । শীঘ্ৰে ইয়াক গঠন কৰা হ'ব । পৰৱৰ্তী বৈঠক মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত হ'ব । তাতেই সমন্বয় সমিতিৰ ১১ জনীয়া সদস্যৰ নাম চূড়ান্ত কৰা হ'ব । খাৰ্গে কয় যে পৰৱৰ্তী বৈঠকৰ তাৰিখ সোনকালেই ঘোষণা কৰা হ'ব ।