নেশ্যনেল ডেস্ক,৮ জানুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ কেইবাগৰাকী ৰাজনীতিবিদে অপমানজনক মন্তব্য কৰাৰ পাছতে ইতিমধ্যে কূটনৈতিক বিবাদ আৰম্ভ হৈছে । ইয়াৰ মাজতে ভাৰতত মালদ্বীপৰ দূতক সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি অনা হৈছে । লগতে মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সামাজিক মাধ্য়মত পোষ্ট কৰা মন্তব্যৰ বাবে তীব্ৰ উদ্বেগ প্ৰকাশ কৰে । ইফালে মালদ্বীপ চৰকাৰে দেওবাৰে মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা ৩ গৰাকী উপ-মন্ত্ৰীক নিলম্বন কৰিছে ।
উল্লেখ্য যে তিনিওগৰাকী উপ-মন্ত্ৰীয়ে মালদ্বীপ ভ্ৰমণৰ পিচতে সামাজিক মাধ্যমত মোদীক সমালোচনা কৰে । মালদ্বীপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱ মন্ত্ৰালয়ৰ উপ-মন্ত্ৰী মালশা শ্বৰীফ, মাৰিয়াম শিউনা আৰু আব্দুল্লা মাহজুম মজিদক নিলম্বিত কৰা হৈছে ।
নতুন দিল্লীৰ এক সূত্ৰৰ মতে মালেত ভাৰতীয় উচ্চআয়োগে দেওবাৰে মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰে । মন্ত্ৰীসকলৰ অপমানজনক মন্তব্যই ভাৰতত সমালোচনাৰো সন্মুখীন হৈছে । বহু তাৰকাই ঘটনাক গৰিহণা দি মালদ্বীপলৈ যোৱাৰ পৰিৱৰ্তে দেশৰ পৰ্যটনস্থলী অন্বেষণ কৰিবলৈ আহ্বান জনাইছে ।