স্প’ৰ্টছ ডেস্ক, ৩১ জুলাই :টকিঅ' অলিম্পিক (Tokyo Olympic)ৰ ডিচকাছ থ্ৰ’(Discus Throw ) ইভেণ্টৰ ফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰতীয় খেলুৱৈ কমলপ্ৰীত কৌৰে (Kamalpreet Kaur ) ৷ কৌৰে শনিবাৰে ৬৪ মিটাৰ থ্ৰ’ৰে মহিলা ডিচকাছৰ ফাইনেল ইভেণ্টত পোনপটীয়াকৈ প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰে ৷ ইয়াৰ লগতে কৌৰে অলিম্পিকৰ ইতিহাসত নাম খোদিত কৰিবলৈ সক্ষম হয় ৷ এই ইভেণ্টৰ ফাইনেল খেল ২ আগষ্টৰ সন্ধিয়া ৫.৩০ বজাত অনুষ্ঠিত হ'ব ।
উল্লেখ্য যে, টকিঅ’ অলিম্পিক (Tokyo Olympic)ত শনিবাৰে মহিলাৰ ডিচকাছ থ্ৰ’ৰ শাখাত যোগ্যতা অৰ্জনৰ ৰাউণ্ড(Qualifying rounds for women's discus throw) অনুষ্ঠিত হয় । ভাৰতৰ হৈ সীমা পুনিয়া আৰু কমলপ্ৰীত কৌৰে প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰে । কমলপ্ৰীত কৌৰে কোৱালিফায়িং ৰাউণ্ডত ৬৪ মিটাৰ ডিচকাছ থ্ৰ’ কৰি পোনপটীয়াকৈ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ৷