নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ :দেশত ক'ভিড 19 ৰ সংক্ৰমণ নিম্নগামী হৈছে । যোৱা ২৪ ঘণ্টাত ভাৰতত ৭,৫৭৯ গৰাকী লোক নতুনকৈ ক'ভিড 19 ত আক্ৰান্ত হৈছে (7579 person tested covid possitive in last 24 hours) । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৫৩৮ দিনৰ ভিতৰত দৈনিক আক্ৰান্তৰ সংখ্যা আটাইতকৈ কম হৈছে ।
একে সময়তে ২৩৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে (236 person died of covid)। ইয়াৰ লগে লগে সমগ্ৰ দেশতে মৃত্যুৰ সংখ্যা ৪,৬৬,১৪৭ লৈ বৃদ্ধি পাইছে । যোৱা ২৪ ঘণ্টাত ১২,২০২ গৰাকী ৰোগী আৰোগ্য হোৱাৰ ফলত ইয়াৰ সংখ্যা ৩,৩৯,৪৬,৭৪৯ লৈ বৃদ্ধি হৈছে ।
সম্প্ৰতি ভাৰতত আৰোগ্যৰ হাৰ হৈছে ৯৮.৩২ শতাংশ (India's recovery rate 98.32)। এই সংখ্যা যোৱা ২০২০ চনৰ মাৰ্চৰ পাছত সৰ্বাধিক । দেশত সক্ৰিয় কৰ'ণা ৰোগীৰ সংখ্যা হৈছে ১,১৩,৫৮৪ গৰাকী । বৰ্তমান দেশৰ সক্ৰিয় ঘটনাবোৰ মুঠ আক্ৰান্তৰ সংখ্যাৰ মাত্ৰ ০.৩৩ শতাংশ ।