নেশ্যনেল ডেস্ক, ২১ জুলাই: ভাৰতত অব্যাহত আছে কৰ'ণা(CORONA)ৰ সংহাৰ । নিতৌ হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে মহামাৰীয়ে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱা ৮ বজাত জনোৱা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত নতুনকৈ ৪২,০১৫ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । মহামাৰীৰ কবলত পৰি এদিনৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে ৩,৯৯৮ জন লোকে । আনহাতে যোৱা ২৪ ঘণ্টাত ৩৬,৯৭৭ জন ৰোগী আৰোগ্য হৈ উঠিছে ।
এই পৰ্যন্ত দেশত ৩,১২,১৬,৩৩৭ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । মুঠ ৪,১৮,৪৮০ জনৰ মৃত্যু হৈছে । দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৭,১৭০ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে মুঠ ৩,০৩,৯০,৬৮৭ জন লোক আৰোগ্য হৈ উঠিছে । টীকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে মুঠ ৪১,৫৪,৭২,৪৫৫ জন লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে ।