অসম

assam

COVID-19 : ভাৰতত পুনৰ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

By

Published : Oct 23, 2021, 2:22 PM IST

Updated : Oct 23, 2021, 4:27 PM IST

ভাৰতত এতিয়াও অব্যাহত আছে কাল কৰ'ণা(Corona)ৰ ভয়াৱহতা । দৈনিক আক্ৰান্তৰ হাৰ পূৰ্বতকৈ হ্ৰাস পালেও দেশত এতিয়াও নিতৌ ১৫ হাজাৰৰো অধিক লোক মহামাৰীৰ কবলত পৰা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৬,৩২৬ জন লোক ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈছে ।

Covid 19 India tracker
ভাৰতত নতুনকৈ ১৬,৩২৬ জন ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: বৰ্তমান ভাৰতত দৈনিক ১৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক'ভিড-১৯(COVID-19) ত । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, শুকুৰবাৰৰ দিনটোত ভাৰতত নতুনকৈ ১৬,৩২৬ জন লোক মহামাৰীৰ কবলত পৰিছে । এই পৰিসংখ্যা সহ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩,৪১,৫৯,৫৬২ জন ।

আনহাতে, যোৱা ২৪ ঘণ্টাত মহামাৰীৰে যুঁজি ৬৬৬ জনে প্ৰাণ হেৰুৱাইছে । এতিয়ালৈকে দেশত ৪,৫৩,৭০৮ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু হৈছে ।

লক্ষণীয়ভাৱে, কেৰালাত এতিয়াও ভয়াৱহভাৱে সংক্ৰমণ বৃদ্ধি হৈ আছে । যোৱা ২২ অক্টোবৰত কেৰালাত ৫৬৩ জন আক্ৰান্তই প্ৰাণ হেৰুৱায় । এতিয়ালৈকে ৰাজ্যখনত মহামাৰীত আক্ৰান্ত হৈ মুঠ ২৭,৭৬৫ লোকৰ মৃত্যু হৈছে । দেশজুৰি অব্যাহত থকা টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰায় ১০১.৩০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

বৰ্তমান দেশত আৰোগ্য হাৰ ৯৮.১৬ শতাংশ ।

যোৱা ২৪ ঘণ্টাত ১৭,৬৭৭ জন লোক সুস্থ হৈ উঠিছে । বৰ্তমানলৈকে দেশত ৩,৩৫,৩২,১২৬ জন লোক আৰোগ্য হৈছে । আনহাতে, বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১,৭৩,৭২৮ জন । শুকুৰবাৰৰ দিনটোত মুঠ ১৩,৬৪,৬৮১ টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক: আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা : হিতাধিকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Last Updated : Oct 23, 2021, 4:27 PM IST

ABOUT THE AUTHOR

...view details