অসম

assam

ক’ভিড 19 : দেশৰ শেহতীয়া তথ্য

By

Published : Oct 26, 2021, 12:40 PM IST

যোৱা সপ্তাহৰ পৰা ভাৰতত ক্ৰমাৎ হ্ৰাস পাইছে দৈনিক ক'ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১২,৪২৮ জন লোক মহামাৰীৰ কবলত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে ।

COVID 19 India tracker
ভাৰতত নতুনকৈ ১২,৪২৮ জন লোক ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: ভাৰতত এতিয়াও অব্য়াহত আছে ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ । অৱশ্যে বিগত কেইদিনমানত সামগ্ৰিকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ১২,৪২৮ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । যোৱা ২৩৮ দিনৰ ভিতৰত এয়াই আটাইতকৈ কম দৈনিক আক্ৰান্তৰ ঘটনা ।

অৱশ্যে কেতবোৰ ৰাজ্যত এতিয়াও ক'ভিড পৰিস্থিতি আশা কৰা ধৰণে উন্নীত হোৱা নাই । কেৰালাত এতিয়াও দৈনিক আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে । আনহাতে, যোৱা ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি ৩৫৬ জনে প্ৰাণ হেৰুৱাইছে । বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১,৬৩,৮১৬ জন আৰু যোৱা ২৪১ দিনৰ ভিতৰত এয়াই আটাইতকৈ কম সক্ৰিয় আক্ৰান্তৰ সংখ্যা ।

যোৱা ২৪ ঘণ্টাত ১৫,৯৫১ গৰাকী ৰোগী আৰোগ্য হৈ উঠিছে ।

ইয়াৰে সৈতে ভাৰতৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৮.১৯ শতাংশ । আনহাতে, ৬০.১৯ কোটি ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে । আনাাহতে, সমগ্ৰ দেশতে অব্যাহত থকা টীকাকৰণ অভিযানৰ অধীনত ১০২.৯৪ কোটিৰো অধিক লোকক ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: দেশজুৰি সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details