অসম

assam

ETV Bharat / bharat

India lives for humanity: মানৱতাৰ বাবেই ভাৰত জীয়াই আছে; দত্তাত্ৰেয় হোচাবালে - Dattatreya Hosabale at Amritashatam lecture series

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালেয়ে ভাৰতৰ সাংস্কৃতিক মূল্যবোধ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । আৰএছএছৰ প্ৰতিষ্ঠাপক জন্মগত দেশপ্ৰেমী আছিল ।

RSS leader Dattatreya Hosabale
মানৱতাৰ বাবেই ভাৰত জীয়াই আছে

By

Published : Aug 18, 2023, 11:05 AM IST

নেশ্যনেল ডেস্ক,১৮ আগষ্ট :‘‘মানৱতাৰ বাবেই ভাৰত জীয়াই আছে ।’’ এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালেৰ । বৃহস্পতিবাৰে তেওঁ কয় যে দেশৰ লক্ষ্য হৈছে ইয়াৰ "সাংস্কৃতিক মূল্যবোধ আৰু জীৱনৰ অনন্য দৃষ্টিভংগীৰে" বিশ্বক আলোকিত কৰা ।

কেশৰী উইকলিৰ দ্বাৰা আয়োজিত 'অমৃতাশতম' বক্তৃতা অনুষ্ঠানত ভাষণ প্ৰদান কৰি হোচাবালে কয় যে, ভাৰত মানৱতাৰ বাবে জীয়াই আছে । ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদৰ অনুভূতি শক্তিশালী কৰাটো প্ৰয়োজনীয় বুলিও তেওঁ দাবী কৰে । ড৹ কেশৱ বলিৰাম হেডগেৱাৰে আৰ এছ এছ প্ৰতিষ্ঠা কৰি এয়া বাস্তৱত পৰিণত কৰিছে বুলি তেওঁ দাবী কৰে ।

হোচাবালেয়ে কয় যে, দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত সংঘ এক উন্নয়নশীল পৰ্যায়ত আছিল আৰু স্বাধীনতাৰ পাছত এটা ৰাষ্ট্ৰীয় সংগঠনলৈ ৰূপান্তৰিত হৈছিল । সংঘৰ প্ৰতিষ্ঠাপকৰ জীৱন বুজি নোপোৱাকৈ ইয়াৰ ইতিহাস বুজিব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে । তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো ইঞ্চি এক আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণা উপলব্ধি কৰিবলৈ সমৰ্পিত কৰিছিল ।

হোচাবালেয়ে কয় যে আৰএছএছৰ প্ৰতিষ্ঠাপক ডঃ হেডগেৱাৰ এগৰাকী জন্মগত দেশপ্ৰেমী আছিল । তেওঁ সৰুৰে পৰা স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল । বাল গঙ্গাধৰ তিলকৰ স্বাধীনতা সংগ্ৰামৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ বিভিন্ন বৈপ্লৱিক কাৰ্যকলাপতো অংশগ্ৰহণ কৰিছিল । আৰএছএছ নেতা হোচাবালেৰ মতে হেডগেৱাৰৰ লক্ষ্য আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে "ৰাষ্ট্ৰীয় গৌৰৱ" অৰ্জন কৰা ।

তেওঁ ভাবিছিল যে সাংস্কৃতিক ভেটি থকা এখন সংগঠিত ৰাষ্ট্ৰ নোহোৱাকৈ স্বাধীনতা প্ৰাপ্তি সম্ভৱ নহয় আৰু যদি স্বাধীনতা সংৰক্ষণ কৰিব লাগে, তেন্তে প্ৰতিজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ আদৰ্শৰ অনুপ্ৰেৰণা ল'ব লাগিব । তেওঁ লগতে কয় যে সংগঠনটোৰ লক্ষ্য আছিল ৰাষ্ট্ৰীয় গৌৰৱ ।

লগতে পঢ়ক :ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা

ABOUT THE AUTHOR

...view details