নিউজ ডেস্ক, 28 মে':"ভাৰত চৰকাৰে য়াছিন মালিক (Yasin malik) ৰ বিৰুদ্ধে আৰোপ কৰা সকলোবোৰ গোচৰ ভুৱা আৰু মনেসজা ৷ মালিকক অমানৱীয় পৰিস্থিতিত বন্দী কৰি ৰখা হৈছে, এইয়া কাশ্মীৰী মুছলমানসকলৰ প্ৰণালীবদ্ধ ভাৰতীয় পক্ষপাতিত্ব আৰু অত্যাচাৰৰ প্ৰতিফলন । নিৰীহ কাশ্মীৰীসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ এনে ধৰণৰ কাৰ্যৰ উদ্দেশ্য হৈছে কাশ্মীৰীসকলক তেওঁলোকৰ আত্মনিৰ্ধাৰণৰ বৈধ অধিকাৰ অস্বীকাৰ কৰা ।
ই কেৱল ভাৰতীয় ন্যায়ৰ প্ৰহসনই নহয়, গণতন্ত্ৰৰ দাবীও উন্মোচিত কৰে ৷" য়াছিন মালিকৰ যাৱজ্জীৱন কাৰাদণ্ড ঘোষণাৰ পিছতেই ভাৰত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো-অপাৰেচন(অ' আই চি) ৷
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক দেশদ্ৰোহৰ গোচৰত ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছত সংগঠনটোৱে টুইটাৰত এক পোষ্ট শ্বেয়াৰ (The OIC tweeted on Friday) কৰে ৷ এই পোষ্টটোত কোৱা হয় যে, "ইছলামিক সহযোগিতা সংগঠন (অ' আই চি) ৰ সাধাৰণ সচিবালয়ে বহু দশক ধৰি শান্তিপূৰ্ণ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দি অহা কাশ্মীৰী নেতা য়াছিন মালিকৰ বাবে আজীৱন কাৰাদণ্ড বিহাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷"