নেশ্যনেল ডেস্ক, ১৫ আগষ্ট:অহা ৫ বছৰত ভাৰত গোলকীয় অৰ্থনীতিত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰ হ'ব । এই গ্যেৰাণ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । ৭৭ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি দিল্লীৰ লালকিল্লাৰ পৰা এই গ্যেৰাণ্টি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাৰতৰ জনসাধাৰণক নাগৰিক বুলি সম্বোধন কৰাৰ পৰা বিৰত থাকি তেওঁ ৭৭ সংখ্যক স্বাধীনতা দিৱসত ভাষণ দিয়াৰ সময়ত নাগৰিকসকলক তেওঁৰ পৰিয়ালৰ সদস্য বুলিও সম্বোধন কৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ অন্তিম স্বাধীনতা দিৱসৰ ভাষণ আৰম্ভ কৰি প্ৰথমেই দেশবাসীক তেওঁৰ ১৪০ কোটি পৰিয়ালৰ সদস্য বুলি সম্বোধন কৰে । সমগ্ৰ ভাষণত তেওঁ দেশৰ জনসাধাৰণক কেৱল পৰিয়ালৰ সদস্য বুলিয়ে সম্বোধন কৰে ।
কিয়নো পূৰ্বৰ ভাষণবোৰত প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক "মোৰ প্ৰিয় ভাই-ভনী" বুলি সম্বোধন কৰিছিল । ইফালে ভাষণৰ মাজত মোডীয়ে কয় যে, বিশ্বৰ বিশেষজ্ঞসকলে কৈছে যে ভাৰত এতিয়া ৰৈ নাথাকে । তেওঁ উল্লেখ কৰা মতে সকলো ৰেটিং সংস্থাই ভাৰতক প্ৰশংসা কৰিছে ।