নেশ্যনেল ডেস্ক,13 ডিচেম্বৰঃশনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতে কেৱল পেৰিছ চুক্তিৰ লক্ষ্যসমূহত উপনীত হোৱাই নহয় এই চুক্তিক অকল্পনীয়ভাৱে পাৰ কৰিবলৈয়ো সক্ষম হ’ব ৷ লেণ্ডমাৰ্ক পেৰিছ চুক্তিৰ পঞ্চম বৰ্ষপুৰ্তি উপলক্ষে অনুষ্ঠিত জলবায়ু উচ্চাকংক্ষা সন্মিলন সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,"ভাৰতে ইয়াৰ প্ৰদূষণ নিৰ্গমনৰ পৰিমাণ 21 শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে ৷ আমাৰ সৌৰ ক্ষমতা যি 2014 চনত 2.63 গিগাৱাটৰ আছিল 2020 চনত ই হয়গৈ 36 গিগাৱাট ৷ আনহাতে, আমাৰ নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বিশ্বৰ ভিতৰত চতুৰ্থ ৷"
তেখেতে আৰু কয়, ভাৰতৰ সৌৰ ক্ষমতা 2022 চনৰ পূৰ্বে 175 গিগাৱাটত উপনীত হ’ব ৷ ইয়াৰ উপৰিও আমাৰ হাতত আৰু অধিক উচ্চাকাংক্ষী লক্ষ্য আছে ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা 450 গিগাৱাটলৈ বৃদ্ধি কৰা ৷ আমি ভাৰতৰ বনাঞ্চল বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছো ৷
বিশ্ব মানচিত্ৰত ভাৰতে দুটা প্ৰধান পদক্ষেপ গ্ৰহণ কৰিছে-The International Solar Alliance আৰু Coalition for Disaster Resilient Infrastructure ৷ এই সন্দৰ্ভত ইটিভি ভৰতৰ সৈতে সাক্ষাৎকাৰত JNUৰ Centre for East Asian Studiesৰ অধ্যাপক শ্ৰীকান্ত কোন্দাপাল্লীয়ে কয়, প্ৰথম অৱস্থাত ভাৰত আৰু BASIC (Brazil, South Africa India and China) ই উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত ‘সমান কিন্তু দায়িত্বৰ বিভিন্নতা’ৰ ওপৰত এটি প্ৰস্তাৱ উত্থাপন কৰে ৷ এই প্ৰস্তাৱ যৌথ হোৱাৰ লগতে কিয়োটো প্ৰট’কলৰ দ্বাৰা পৰামৰ্শ প্ৰদান কৰা হ’ব লাগিব ৷ দ্বিতীয়তে, প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে উন্নত আৰু উন্নয়নশীল দেশসমূহে প্ৰযুক্তি ভগাই লোৱা প্ৰয়োজন ৷