অসম

assam

ETV Bharat / bharat

নেতৃত্বৰ ব্যৰ্থতাত পংগু হৈ পৰিছে ভাৰত : ছোনিয়া গান্ধী

শুকুৰবাৰে অনুষ্ঠিত হৈ যায় কংগ্ৰেছ দলৰ সংসদীয় বৈঠকখন ৷ এই বৈঠকৰ পিছতে ক’ভিড নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে দলটোৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ৷

india-is-crippled-by-the-political-leadership-says-sonia-gandhi
নেতৃত্বৰ ব্যৰ্থতাত পংগু হৈ পৰিছে ভাৰত : ছোনিয়া গান্ধী

By

Published : May 7, 2021, 9:10 PM IST

নেছনেল ডেস্ক , 7 মে’:শুকুৰবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি অভিযোগ তুলি ক’লে, যি সময়ত সমগ্ৰ দেশ ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপত ভুগি আছে, তেনে এক সময়তেই চৰকাৰে নিজৰ মৌলিক কৰ্তব্য আৰু দায়িত্ব 'ত্যাগ' কৰিছে ।

কংগ্ৰেছ দলৰ লোকসভা আৰু ৰাজ্যসভা উভয়ৰ সাংসদ সকলে তেওঁলোকৰ নিজ নিজ সমষ্টিত ক’ভিড পৰিস্থিতি আৰু সংকটৰ মোকাবিলা কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে জানিবলৈ আহ্বান কৰা দলৰ এই বৈঠকৰ সময়ত এই মন্তব্য কৰে ছোনিয়া গান্ধীয়ে ৷ চৰকাৰক তীক্ষ্ণ আক্ৰমণ কৰি তেওঁ কয়, "চৰকাৰৰ ব্যৱস্থাটো যে সম্পূৰ্ণৰূপে বিফল হোৱা নাই সেয়া আমাক স্পষ্ট কৰা হওঁক ।

মোডী চৰকাৰে ভাৰতৰ বহু শক্তি আৰু সম্পদৰ গঠনমূলক প্ৰয়োগত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে কয়, "মই এইকথা স্পষ্টকৈ কওঁ, ভাৰত আজি পংগু হৈ পৰিছে আৰু বৰ্তমানৰ এই নেতৃত্বৰ জনসাধাৰণৰ প্ৰতি নাই কোনোধৰণৰ সহানুভূতি । আমাৰ দেশৰ জনসাধাৰণক বিফল কৰিছে মোডী চৰকাৰে ।"

একেটা বিবৃতিতে কংগ্ৰেছ অধ্যক্ষা গৰাকীয়ে কয়, "ভাৰত এক মাৰাত্মক স্বাস্থ্য জনিত দুৰ্যোগৰ কৱলত আছে । এই দুৰ্যোগত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু লাখ লাখ লোকে প্ৰাথমিক স্বাস্থ্যসেৱা, জীৱন ৰক্ষাকাৰী ঔষধ, অক্সিজেন আৰু ভেকছিন লাভ কৰিবলৈ হাবাথুৰি খাইছে ৷ চিকিৎসালয়, ৰাজপথ, যান-বাহনত অপেক্ষা কৰি জীৱনৰ সৈতে যুঁজি থকা লোক সকল চিকিৎসা সেৱাৰ অভাৱত থাকিব লগীয়া হোৱাটো সচাকৈয়ে হৃদয়বিদাৰক ঘটনা । "

কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে, চৰকাৰৰ নিজা ক্ষমতাপ্ৰাপ্ত গোট আৰু ইয়াৰ ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চে দ্বিতীয় ঢৌৰ বিষয়ে বহু পূৰ্বেই সতৰ্ক কৰি দিছিল চৰকাৰক, ইয়াৰ লগতে কৰ’ণা নিয়ন্ত্ৰণৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ বাবেও আহ্বান জনোৱা হৈছিল চৰকাৰখনক ৷

আনকি বিৰোধী দলসমূহৰ সংসদীয় সমিতিয়েও ক’ভিডৰ সৈতে যুজিবলৈ কৰা প্ৰস্তুতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ তথাপিও এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে অহংকাৰী মনোভাৱেৰে ঘোষণা কৰে যে, তেওঁ মহামাৰীক ইতিমধ্যে পৰাজিত কৰিছে আৰু তেওঁৰ দলৰ একান্ত বাধ্য সদস্য সকলে এনে তথাকথিত সফলতাৰ বাবে তেওঁক শুভেচ্ছাও জ্ঞাপন কৰিছিল ৷

তেওঁ পুনৰ কয় যে, " আমাৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা, সময়মতে ভেকছিনৰ বাবে পৰ্যাপ্ত অৰ্ডাৰ দিয়াত ব্যৰ্থ হোৱা চৰকাৰখনে ইয়াৰ পৰিৱৰ্তে, অতি অসচেতনভাৱে অপ্ৰয়োজনীয় প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ কোটি টকা আৱণ্টন কৰাৰ পথ বাছি লৈছিল যাৰ জনকল্যাণৰ সৈতে নাই কোনো সম্পৰ্ক ।"

ইয়াৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰ সন্দৰ্ভত গান্ধীয়ে অভিযোগ কৰে, "নিৰাশ ৰোগীসকলক সহায় কৰাৰ পৰিৱৰ্তে, কিছুমান বিজেপি চৰকাৰ থকা ৰাজ্যত কেৱল সহায়ৰ বাবে কান্দি থকাৰ বাবে লোকসকলক দমনমূলকভাৱে গ্ৰেপ্তাৰ কৰিবলৈকে ৰাজ্য চৰকাৰ সমূহৰ ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে । আৰ্তজনক সহায় কৰিবলৈ যথাসাধ্য চেষ্টা কৰি থকা নাগৰিক গোটবোৰৰ ওপৰতো কঠোৰ আক্ৰমণ চলাই আছে তেওঁলোকে ৷ আনকি, এই সকলে সামাজিক মাধ্যমৰ মঞ্চ আৰু সংবাদ মাধ্যমকো সত্যক আঁতৰাই ৰাখি নিৰাশ হৈ পৰা নাগৰিক সকলৰ অনুৰোধ উপেক্ষা কৰিবলৈ বাধ্য কৰিছে ।"

সকলোৰে বাবে বিনামূলীয়া ভেকছিন নিশ্চিত কৰাৰ বাবে সংসদৰ কেন্দ্ৰীয় বাজেটত ৩৫,০০০ কোটি টকা আৱণ্টন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে , মোডী চৰকাৰে ভেকছিনৰ বাবে পৃথক মূল্য নিৰ্ধাৰণৰ অনুমতি দি ইতিমধ্যে ৰাজ্য চৰকাৰসমূহৰ ওপৰত বোজা আৰোপ কৰিছে আৰু ভেকছিনৰ উৎপাদন বৃদ্ধিৰ বাবে বাধ্যতামূলক অনুজ্ঞাপত্ৰ প্ৰয়োগ কৰিবলৈও অস্বীকাৰ কৰিছে ।

তেওঁ লগতে দাবী কৰে যে, মোডী চৰকাৰৰ "অসামঞ্জস্যপূৰ্ণ" টিকাকৰণ নীতিত লাখ লাখ দলিত, আদিবাসী, অন্যান্য পিছপৰা শ্ৰেণীৰ লগতে দৰিদ্ৰ লোকসকলক বাদ পৰি ৰ'ব ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে ইতিমধ্যে বিভিন্ন পৰামৰ্শ আৰু অনুৰোধ আগবঢ়োৱা বুলি উল্লেখ কৰি ছোনিয়া গান্ধীয়ে কয়, দুৰ্ভাগ্যবশতঃ এই সহায়ক পদক্ষেপবোৰত কাণ দিব লগীয়া লোক সকলে এতিয়া বধিৰৰ ভুমিকা পালন কৰি আছে ৷ তেওঁ লগতে কয়, " এই সংকটৰ মোকাবিলা কৰিবলৈ সক্ষম, শান্ত আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰয়োজন । মোডী চৰকাৰৰ উদাসীনতা আৰু অযোগ্যতাৰ ভৰত দেশখন এতিয়া ডুব গৈ আছে । এইসময়ত আমি নিজকে আৰু অধিক তীক্ষ্ণ কৰি আমাৰ লোকসকলৰ সেৱাত নিজকে পুনৰ সমৰ্পিত কৰিম । "

ভাৰতীয় যুৱ কংগ্ৰেছ আৰু দলটোৰ ৰাজ্যিক গোটসমূহে কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰি কংগ্ৰেছ অধ্যক্ষা গৰাকীয়ে সকলো সাংসদক এম্বুলেন্স, অস্থায়ী বিচনা, অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু প্ৰয়োজনীয় ঔষধ সংগঠিত কৰাৰ প্ৰচেষ্টা কৰিবলৈ অনুৰোধ কৰে ।

মহামাৰীৰ সৈতে ভালদৰে যুঁজিবলৈ সামূহিক পদক্ষেপ আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ চৰকাৰক এখন সৰ্বদলীয় বৈঠক আৰু স্থায়ী সমিতিৰ বৈঠক আহ্বান কৰিবলৈ দাবী জনাই কয়, "কংগ্ৰেছ দলে দৃঢ়ভাৱে বিশ্বাস কৰে যে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াটো "চৰকাৰ বনাম আমাৰ" যুঁজ নহয় ; কিন্তু "আমেৰিকা বনাম কৰোনা" যুদ্ধ । এই যুদ্ধই ৰাজনৈতিক পাৰ্থক্য অতিক্ৰম কৰে । আমি এখন ৰাষ্ট্ৰ হিচাপে একেলগে এই যুঁজত ভাল ৰিজাল্ট কৰিব লাগিব ।"

আনহাতে, ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সকলো ৰাজ্যতে দলৰ প্ৰদৰ্শন অতি হতাশাজনক আৰু অপ্ৰত্যাশিত বুলি স্বীকাৰ কৰে ছোনিয়া গান্ধীয়ে ।

তেওঁ উল্লেখ কৰে যে, ফলাফলসমূহ পৰ্যালোচনা কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে শীঘ্ৰেই বৈঠকত বহিব আৰু লগতে দৃঢ়তাৰে সৈতে জনায় যে, দলটোৱে সামূহিকভাৱে নম্ৰতা আৰু সততাৰ ভাৱনাৰে এই বিফলতাৰ পৰা উপযুক্ত শিক্ষা ল'ব লাগিব ।

লগতে পঢ়ক :তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে এম কে ষ্টেলিনে

ABOUT THE AUTHOR

...view details