নেশ্যনেল ডেস্ক,২১ ছেপ্টেম্বৰ:ভাৰত আৰু কানাডাৰ মাজত বিবাদ অব্যাহত আছে । দুয়োখন দেশৰ বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা । পৰৱৰ্তী জাননী নোপোৱালৈকে কানাডাৰ নাগৰিকৰ বাবে ভিছা সেৱা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ভাৰত চৰকাৰে ।
প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে নতুন দিল্লীক খালিস্তান পন্থী শিখ নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগ কৰাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বিবাদৰ সৃষ্টি হৈছে । ভিছা জাৰী বন্ধ কৰাৰ সিদ্ধান্তটো কাৰ্যকৰী কৰা কথা উল্লেখ কৰি অনলাইন ভিছা আবেদন কেন্দ্ৰ বিএলএছ ইণ্টাৰনেচনেলৰ জৰিয়তে আনুষ্ঠানিকভাৱে জনোৱা হৈছে ।
শিখ নেতা হৰদীপ সিং নিজ্জাৰক দুমাহ পূৰ্বে নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল । সেই ঘটনাটো ভাৰত আৰু কানাডাৰ মাজত ক্ৰমান্বয়ে তিক্ত সম্পৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । শিখ সংগঠনবোৰে নিজ্জাৰক এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে প্ৰশংসা কৰিছে যদিও ভাৰত চৰকাৰে তেওঁক অপৰাধী বুলি অভিহিত কৰিছে ।