অসম

assam

ETV Bharat / bharat

ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন - spicejet new uniform

বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Mansukh Mandaviya)ই টীকাকৰণ কৰিবলৈ সকলোকে আহ্বান জনায় আৰু এই ঐতিহাসিক সফল যাত্ৰাত যোগদান কৰিবলৈ দেশবাসীক আহ্বান জনায় ।

India hits 100 crore COVID-19 vaccination milestone
ভাৰতত ১০০ কোটি লোকক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান

By

Published : Oct 21, 2021, 12:02 PM IST

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: ক'ভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এক ইতিবাচক খবৰ । বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতত সম্পন্ন হ'ল ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই দেশবাসীক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে টুইটযোগে জনাাইছিল যে, দেশত ক'ভিড-১৯ টীকাকৰণ অভিযানে ১০০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে ।

তেওঁ এই সোণালী সুযোগ গ্ৰহণ কৰি সফল যাত্ৰাত অংশ ল'বলৈ দেশবাসীক আহ্বান জনায় । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰএমএল চিকিৎসালয় পৰিদৰ্শন কৰিছে । এই গুৰুত্বপূৰ্ণ দিনটোত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ কাৰ্যসূচীও ৰূপায়ণ কৰিব । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই লালকিল্লাত এটি গীত আৰু এখন অডিঅ' ভিজুৱেল ছবি মুকলি কৰিব ।

স্পাইচজেটেও ১০০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ হোৱাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । দিল্লী বিমানবন্দৰত নিয়োজিত কোম্পানীটোৰ কৰ্মচাৰীসকলৰ ভিতৰত যিসকলে প্ৰতিষেধক গ্ৰহণ কৰিছে, তেওঁলোকৰ বাবে এক বিশেষ ইউনিফৰ্ম যোগান ধৰিব । স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু স্পাইচজেটৰ মুখ্য পৰিচালন সঞ্চালক অজয় সিঙে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

চৰকাৰী বিজ্ঞপ্তি অনুসৰি, দেশজুৰি চলা টীকাকৰণ অভিযানৰ অধীনত বুধবাৰ পৰ্যন্ত প্ৰতিষেধকৰ ৯৯,১২ কোটি পালি প্ৰদান কৰা হৈছিল । বৃহস্পতিবাৰে এই সংখ্যাই ১০০ কোটি স্পৰ্শ কৰে । টীকাকৰণ সৰ্বাধিক হোৱা শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশত ১২,২১,৪০,৯১৪, মহাৰাষ্ট্ৰত ৯,৩১০০,৭০৮, পশ্চিমবংগত ৬,৮৫,১২,৯৩২, গুজৰাটত ৬,৭৬,৬৭,৯০০ আৰু মধ্য প্ৰদেশত ৬,৭২,২৪,২৮৬ জনক ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details