অসম

assam

ETV Bharat / bharat

PM Modi at Kargil : ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি অহা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

‘‘যদিও শক্তি অবিহনে শান্তি লাভ কৰা সম্ভৱ নহয়, বিশ্ব শান্তিৰ পক্ষত থকা আমি ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি আহিছো ’’। এই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi at Kargil)।

India has never considered war first option but last resort: PM Modi at Kargil
PM Modi at Kargil: বিশ্ব শান্তিৰ পক্ষত থকা আমি ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাপে গ্ৰহণ কৰি আহিছে

By

Published : Oct 24, 2022, 4:22 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ :ভাৰতে যুদ্ধক সদায় অন্তিম আশ্ৰয় হিচাবে গ্ৰহণ কৰি আহিছে, জাতিটোৰ ওপৰত কুদৃষ্টি আৰোপ কৰা যিকোনো ব্যক্তি তথা শক্তিক প্ৰতিহত কৰিব পৰাকৈ সশস্ত্ৰ বাহিনীৰ হাতত অফুৰন্ত শক্তি আৰু কৌশল আছে বুলি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়(PM Modi at Kargil) । সেনাবাহিনীক সম্বোধন কৰি সোমবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯৯ চনত ভাৰতীয় সামৰিক বাহিনীয়ে আতংকক সম্পূৰ্ণৰূপে মষিমূৰ কৰাৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে(PM Narendra Modi)।

পাকিস্তানৰ সৈতে হোৱা যুদ্ধত প্ৰতিবাৰেই কাৰ্গিলে উৰুৱাবলৈ সক্ষম হৈছিল বিজয় ধজ্জা ৷ দীপাৱলী হ'ল আতংকহীনতাৰ প্ৰতীক ৷ নিজৰ স্মৃতি ৰোমন্ঠন কৰি কাৰ্গিল যুদ্ধ ওচৰৰ পৰা প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, মোৰ কৰ্তব্যই মোক কাৰ্গিললৈ আনিছিল ৷ বিজয়ৰ শব্দবোৰ চাৰিওফালে প্ৰতিধ্বনিত হৈ আছিল’’ ৷ দেশৰ সীমান্তত দীপাৱলী উদযাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ সশস্ত্ৰ বাহিনীৰ বাবেই আজি দেশবাসীয়ে আতংকৰ পৰা মুক্ত হৈ বিচৰণ কৰিব পাৰিছে ৷

তেওঁ লগতে কয় যে বিগত আঠ বছৰত চৰকাৰে সশস্ত্ৰ বাহিনীত বিভিন্ন ধৰণে সংস্কাৰ সাধনৰ বাবে কাম কৰি আহিছে ৷ প্ৰযুক্তিবিদ্যা, সীমান্ত অঞ্চলত আন্তঃগাঁথনি বিকাশ আৰু বাহিনীসমূহত মহিলাসকলৰ বাবে পদ মুকলি কৰা আদি ৷ সশস্ত্ৰ বাহিনীৰ মহিলাসকলে সশস্ত্ৰ বাহিনী তথা দেশৰ শক্তি বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ।

মোদীয়ে লগতে আৰু কয় যে সশস্ত্ৰ বাহিনীৰ সংস্কাৰৰ প্ৰয়োজন আছিল যিবোৰ এতিয়াহে কাৰ্যকৰী কৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে জাতি এটা সুৰক্ষিত আৰু আত্মবিশ্বাসী তেতিয়াহে হয় যেতিয়া জাতিটোৰ সীমা সুৰক্ষিত, অৰ্থনীতি শক্তিশালী হয় বুলি দীপাৱলীৰ অনুষ্ঠানটিত মন্তব্য প্ৰকাশ কৰে ।

ভাৰতে বাহ্যিক আৰু আভ্যন্তৰীণ শত্ৰুৰ সৈতে মোকাবিলা কৰি আহিছে বুলি মোদীয়ে কয় আৰু সন্ত্ৰাসবাদ, নক্সালবাদ আৰু উগ্ৰবাদক উভালি পেলাবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে পুনৰ বৰ্ণনা কৰে । তেওঁ কয় যে ‘‘ভাৰতে কেতিয়াও যুদ্ধক প্ৰথম বিকল্প হিচাবে গ্ৰহণ কৰা নাই ৷ বিশ্ব শান্তিৰ পক্ষত থকা আমি ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাপে গ্ৰহণ কৰি আহিছো । যদিও শক্তি অবিহনে শান্তি লাভ কৰিব সম্ভৱ নহয়’’ ’।

দেশৰ সেনাবাহিনীৰ প্ৰশংসাত পঞ্চমুখ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাক কেনেদৰে প্ৰতুত্তৰ দিব লাগে আমাৰ দেশৰ সেনা জোৱানসকলে ভালদৰে অৱগত বুলি কয় ৷ জাতিৰ আৰু দেশৰ নিৰাপত্তাৰ বাবে ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ় দিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ বিদেশী অস্ত্ৰ আৰু ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীলতা নূন্যতম হ’ব লাগে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ।

উল্লেখ্য যে, 2014 বৰ্ষত নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পাছৰে পৰা দীপাৱলী উদযাপনৰ বাবে বাচনি কৰিছে এটাৰ পাছত এটাকৈ সামৰিক বাহিনীৰ শিৱিৰ ৷

লগতে পঢ়ক:Reservation for Scheduled Castes and Tribes : অনুসূচীত জাতি-জনজাতিৰ লোকৰ বাবে কৰ্ণাটকত অধ্যাদেশ জাৰি

ABOUT THE AUTHOR

...view details